মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

নাগৰিক চনদ

  • অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডৰ নাগৰিক চনদ

    ১.পৰিকল্পনা :

    প্ৰচুৰ, সুৰক্ষিত আৰু অৰ্থনৈতিকভাৱে ফলপ্ৰসূ জৈৱবৈচিত্ৰ।

    ২.অভিযান :

    স্থানীয় জৈৱিক সম্পদৰ সংৰক্ষণৰ বুদ্ধিবৃত্তিক ব্যৱহাৰৰ কাৰণে আৰু বাণিজ্যিক ব্যৱহাৰৰ ওপৰত ন্যায়সঙ্গত ভাগৰ সুবিধাৰ কাৰণে জনগণৰ মালিকানা অধিকাৰ।

    ৩. আমি কোন:

    অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ড এখন স্বায়ত্ব শাসিত ও সংঘবদ্ধ সংস্থা যি অসম চৰকাৰৰ দ্বাৰা সৃষ্ট জৈৱবৈচিত্ৰ আইন ২০০২ (২০০৩ চনৰ আইন ১৮) ৰ উপ-ধাৰা (১) ৰ অধীনত প্ৰদত্ত ক্ষমতা সমূহ প্ৰয়োগ কৰে। ২৯ চেপ্তেম্বৰ-২০১০ ত ব`ৰ্ডক অধিসূচীত কৰা হৈছিল ৰাজ্যত জৈৱবৈচিত্ৰ সংৰক্ষণ, ইয়াৰ উপাদান সমূহৰ ব্যৱহাৰ আৰু এই সম্পদ সমূহৰ লগত জড়িত ঐতিহ্যগত জ্ঞান আৰু আনুষঙ্গিক বিষয়সমূহৰ লগত সম্পৰ্কিত বা ইয়াৰ লগত সংযুক্ত সুবিধা সমূহৰ যথাযথ ভাৱে ভাগ কৰিবলৈ। ব`ৰ্ডৰ সদৰ দপ্তৰ গুৱাহাটিত অৱস্থিত।

    ৪. আমাৰ উদ্দেশ্য :

    • জৈবিক সম্পদ সংৰক্ষণ আৰু সেইসমূহৰ ব্যৱহাৰৰ প্ৰচাৰ কৰা।
    • স্থানীয় পৰ্য্যায়ত জৈবিক সমৃদ্ধি আৰু নাগৰিক জৈৱবৈচিত্ৰ নথিসমূহ তালিকাভূক্ত।
    • জৈবিক সম্পদ সংৰক্ষণ আৰু সেইসমূহৰ ব্যৱহাৰৰ কৰাৰ কৌশল সমূহ বজাই ৰখাৰ সিদ্ধান্ত নিয়া।
    • জৈবিক সম্পদৰ সেইসমূহৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা সুবিধাৰ ন্যায় সঙ্গত ভাগৰ পৰিবেশ গঢ়ি তোলা।
    • সচেতনতা আৰু গৱেষণাক উৎসাহিত কৰা।
     

    ৫. আমাৰ জনাদেশ :

    ব`ৰ্ডৰ প্ৰাৰ্থমিক জনাদেশ হ`ল জৈৱবৈচিত্ৰ সংৰক্ষ্যণ, সেইসমূহৰ ব্যৱহাৰ আৰু জৈৱ-সম্পদ সমূহৰ ব্যৱহাৰৰ ফলত সৃষ্ট লাভালাভৰ সুস্থআৰু ন্যায়সঙ্গত অংশীদাৰিত্ব নিশ্চিত কৰাত সহযোগী সকলক সহযোগ কৰা। জৈৱবৈচিত্ৰ আইনৰ অধীনৰ এটা সংস্থা হিছাবে ব`ৰ্ড দায়বদ্ধ হয় :

    • ভাৰতীয় নাগৰিকৰ বাণিজ্যিক ব্যৱহাৰৰ কাৰণে জৈৱ-সম্পদ সমূহৰ নিয়ন্ত্ৰিত প্ৰৱেশত নিশ্চিতি প্ৰদান কৰা।
    • জৈৱবৈচিত্ৰ আৰু সংশ্লিষ্ট জ্ঞানৰ নথিভূক্তকৰণ (নাগৰিকজৈৱবৈচিত্ৰ নথি)ক সহায়তা কৰা যি জৈৱিক সম্পদৰ ওপৰত তথ্য প্ৰদান কৰে আৰু এই ধৰণৰ জ্ঞানৰ পৰ্যাপ্ত সুৰক্ষা নিশ্চিত কৰে।
    • জৈৱবৈচিত্ৰ পৰিচালন সমিতি, এন জি ও আৰু অন্যান্য সংস্থা সহ অংশীদাৰ সমূহৰ সচেতনতা আৰু ক্ষমতাৰ বিকাশৰ সুবিধা প্ৰদান কৰা।
    • মূলধাৰাৰ জৈৱবৈচিত্ৰৰ উদ্বেগ আৰু জৈৱবৈচিত্ৰ ভিত্তিক জীৱন যাত্ৰাৰ ক্ষেত্ৰীয় নীতি আৰু পৰিকল্পনা।
    • জৈৱবৈচিত্ৰ সংৰক্ষণ আৰু জৈৱবৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ সমূহৰ সংৰক্ষণ।
    • জৈৱবৈচিত্ৰ সংৰক্ষণ আৰু সেইসমূহৰ ব্যৱহাৰ আৰু লাভালাভৰ ন্যায়সঙ্গত বিতৰণৰ বিষয়ে ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া।
     

    ৬. ক্ৰিয়াকলাপ :

    পৰিস্থিতিতন্ত্ৰ অঞ্চলসমূহৰ সংৰক্ষণ মাত্ৰা হিছাবে, ৰাজ্যৰ সাতটা পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণৰ কাম আৰম্ভ কৰা হৈছে। সংৰক্ষণৰ বিষয় সমূহ তলত উল্লেখ কৰা হ`ল :

    • তথ্য আৰু নথিভূক্তকৰণ
    • বৰ্তমান আৰু পূৰ্বাত্মক সংৰক্ষণ
    • শিক্ষা আৰু সজাগতা
    • স্থায়ী ব্যৱহাৰ আৰু ন্যায়সঙ্গত সুবিধা সমূহৰ ভাগবিতৰণ
    • পৰিচালণা
    • নীতি আৰু আইনী দিশ সমূহ
     

    ৭. আমাৰ দ্বাৰা পৰিচালিত কাৰ্য্যক্ৰম :

    • জৈৱবৈচিত্ৰ ব্যৱস্থাপনা সমিতিৰ সংবিধান
    • জনসাধাৰণৰ জৈৱবৈচিত্ৰ নিবন্ধন প্ৰস্তুত
    • জৈৱবৈচিত্ৰ সচেতনতা/শিক্ষা কাৰ্য্যক্ৰম
    • জৈৱবৈচিত্ৰ গৱেষণা সহযোগী কাৰ্য্যক্ৰম
    • জৈৱবৈচিত্ৰ সংৰক্ষণৰ ওপৰত ইণ্টাৰ্নশ্বিপ কাৰ্য্যক্ৰম
     

    ৮. আমাৰ দ্বাৰা পৰিচালিত প্ৰকল্প সমূহ :

    • প্ৰস্তাবিত ১৩২ কে ভি এছ/চি ৱেষ্ট ফিলেং মৰপাৰা পৰিচালন ৰেখাৰ জৈৱবৈচিত্ৰ অধ্যয়নৰ মূল্যায়ন (ডাম্পা ব্যঘ্ৰ প্ৰকল্প), মিজোৰাম।
    • কে এন পি ৰ বিশেষ পৰামৰ্শ সহ উজনি অসমৰ মকৰা সমূহৰ বৈচিত্ৰতাৰ অধ্যয়ন।
    • বিদ্যমান কীট-পতংগীয় সম্পদ/তথ্যৰ পৰা অসমৰ কীট-পতংগ জীৱকুলৰ আৱিষ্কৰণ আৰু নথিভূক্তকৰণ।
    • মধ্য অসমৰ স্থানীয় বজাৰৰ পৰা সাধাৰণভাৱে ব্যৱসায় কৰা দুৰ্লভ আৰু থলুৱা ভক্ষণীয় জৈৱ-সম্ভাৰক নথিভূক্ত কৰা।
     

    ৯. চলমান প্ৰকল্প :

    • `` বিপদশংকুল প্ৰজাতিসমূহক চিনাক্ত কৰিবলৈ, আৰু সিহঁতৰ বৰ্তমান সংৰক্ষণৰ স্থিতি আৰু প্ৰয়োজনীয়তাক মূল্যায়ন আৰু নিৰ্ধাৰণ কৰিবলৈ অসমৰ ভিতৰুৱা বহ্মপুত্ৰ নদৰ মাছৰ বৈচিত্ৰতাৰ ওপৰত অধ্যয়ন``।
    • অসমৰ ডিমা হাছাও জিলাৰ উদ্ভিদ বৈচিত্ৰতা মূল্যাংকন।
    • `` অসমৰ জৈৱ বৈচিত্ৰতা কৌশল নীতি আৰু কাৰ্য্য আঁচনিৰ প্ৰস্তুতি``
    • ``হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰসাৰিত সংৰক্ষণ প্ৰচেষ্টা``
    • বিষয় বস্তুৰ ওপৰত পাঁছ (৫) খন সংক্ষিপ্ত তথ্য চিত্ৰ :
      1. অৰণ্যৰ জীৱন নিৰ্বাহৰ মান
      2. পাৰম্পৰিক জ্ঞান
      3. মানৱ-পশু সংঘাত
      4. এন টি এফ পিত বাণিজ্য
      5. বনৰক্ষীৰ জীৱন।
    • গ্ৰন্থৰ প্ৰাকাশন `` অসমৰ অৰ্কিড বৈচিত্ৰতা``।
    • গ্ৰন্থৰ প্ৰকাশন `` কাৰ্বি তথা ডিমাছা জনগোষ্ঠীৰ ভক্ষণীয় বনৰীয়া উদ্ভিদ`` ।
     

    ১০. প্ৰকাশন :

    • জৈৱবৈচিত্ৰ আইন ২০২০ আৰু অসম জৈৱবৈচিত্ৰ নিয়মাৱলী ২১০ৰ ওপৰত দ্বিভাষিক পুস্তিকাৰ প্ৰসাশন।
    • বিস্ময়কৰ দ্বীপ- বুঢ়া চাপৰি:
    • এক দৃষ্টিত অসম
    • অসম
    • স্থিৰ উন্নয়ন
    • বি এম চি টুলকিট
    • সাধু পুথি
    • উজনি অসমৰ নিৰ্বাচিত সংৰক্ষিত এলেকা সমূহৰ সচৰাচৰ দেখা পোৱা মকৰা।
    • ভক্ষণীয় জৈৱসংশাধন সমূহ আৰু জীবিকা নিৰ্বাহ।
     

    ১১. তথ্য চিত্ৰ :

    • অসমৰ জৈৱবেচিত্ৰতা আৰু জৈৱবেচিত্ৰতা আইন ২০০২
    • অমূল্য জৈৱবৈচিত্ৰ (অসমীয়া)
    • অসমৰ জৈৱবৈচিত্ৰ(ইংৰাজী)
    • এ এছ বি বি ল`গ`ৰ ওপৰত তথ্য চিত্ৰ
     

    ১২. আপুনি কেনেকৈ সহায় আগবঢ়াব পাৰে :

    অধিক উন্নতৰ প্ৰদৰ্শনৰ কাৰণে আমাক সহায় কৰক, ৰাজ্যৰ জৈৱবেচিত্ৰতা বিপদত পেলাব পৰা যি কোনো কাৰ্য্যৰ বিষয়ে আপোনালোকে আমাক অবগত কৰাটো আৱশ্যকীয় বা যি কোনো উপায়ৰ পৰামৰ্শ দিয়ক যিয়ে আমাৰ সংৰক্ষণ প্ৰয়াসক প্ৰসাৰিত কৰাত সহায় কৰিব পাৰে।

    ১৩. আমাক কেনেকৈ প্ৰতিক্ৰিয়া জনাব :

    আমাৰ সেৱাসমূহক উন্নত কৰাত আমাক সহায় কৰিবৰ কাৰণে আমি আমাৰ নাগৰিক সকলৰ মন্তব্য সমূহক আদৰণি জনাওঁ। আমাৰ ই মেইল : assambioboard@gmail.com প্ৰশংসা, পৰামৰ্শ আৰু অভিযোগ সহ প্ৰতিক্ৰিয়া সমূহ মুক্ত ভাৱে প্ৰদান কৰক বা আপোনালোকে আমাৰ নিমোক্ত কাৰ্য্যালয়ৰ ঠিকনা লৈয়ো লিখি পঠিয়াব পাৰে। আমি ফেচবুক পেজতো উপলব্ধ।

    ১৪. আপোনালোকে কেনেকৈ আমাক যোগাযোগ কৰিব পাৰিব :

    ক্ৰ: নং.নামপদবীইমেইল আই ডি
    ১.১. শ্ৰী ভি. কে. পিপাৰচেনিয়া, আই এ এছঅসম চৰকাৰৰ অধ্যক্ষ, মূখ্য সচিবassambioboard@gmail.com
    ২.শ্ৰী এ. কে. জ`হ`ৰি, আই এফ এছসদস্য সচিব, প্ৰধান মূখ্য সংৰক্ষক বন,(জৈৱবৈচিত্ৰ তথা জলবায়ু পৰিবৰ্তন )অসমjohari@yahoo.com
    ৩.ড. ঐনাম সুনন্দা দেৱীবৈজ্ঞানিক বিষয়াassambioboard@gmail.com

    ১৫. আৰু অধিক উন্নয়নৰ কাৰণে :

    নিমোক্ত ঠিকনাত চাৰ্টাৰৰ আৰু অধিক উন্নয়নৰ কাৰণে নাগৰিক সকলক তেওঁলোকৰ মন্তব্য আৰু পৰামৰ্শ আগবঢ়াবলৈ আদৰণি জনোৱা হয় :

    অসম ৰজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ড
    অৰণ্য ভৱন, ২য় মহলা
    শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সমীপত,
    পাঞ্জাবাৰী, গুৱাহাটী-৭৮১০৩৭
    ই মেইল: assambioboard@gmail.com
    দূৰভাষ : ০৩৬১-২৩৩৩৯১৭/২৩৩২২৭৮
    ফেক্স : ০৩৬১-২৩৩৩৭৮৮