মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

অসমৰ জৈৱবৈচিত

  • জৈৱ বৈচিত্ৰতা সংগঠনৰ সকলো স্তৰতে প্ৰজাতিসমূহৰ জৰিয়তে জিনৰ পৰা উচ্চতৰ বৰ্গীকৰণ ৰূপত জীৱনৰ বিভিন্ন ৰূপক বুজায় আৰু ইয়াৰ ভিতৰত উৎপন্ন হোৱা প্ৰক্ৰিয়া সমূহৰ লগে লগে পৰিস্থিতিতন্ত্ৰ আৰু বাসস্থানৰ বিভিন্নতাকো অন্তৰ্ভূক্ত কৰে। মানৱ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিবৰ কাৰণে জৈৱবৈচিত্ৰ হৈছে মৌলিক গুণ- এটা জৈৱবৈচিত্ৰ সমৃদ্ধ অঞ্চলে পৰিৱৰ্তনৰ গ্ৰহণশীলতাক অৰ্ন্তভূক্ত কৰি মানৱ কল্যাণ ধৰি ৰাখিবৰ কাৰণে ব্যাপক বিকল্প আৰু সুযোগ প্ৰদান কৰে।

    বিশ্বৰ ১৭ খন বৃহৎ জৈৱ বৈচিত্ৰপূৰ্ণ দেশৰ ভিতৰত ভাৰতো এখন আৰু ৭-৮% ৰিপ`ৰ্টেড প্ৰজাতিৰ কাৰণে বিখ্যাত। দেশৰ দুটা জৈৱ বৈচিত্ৰপূৰ্ণ ``হট স্পট`` ৰ ভিতৰত এটা, পূব হিমালয় জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চলৰ এক কিয়দাংশ হৈছে অসম। অসমৰ ভৌতিক অবয়বত দেখা পোৱা জলবায়ুৰ অৱস্থা আৰু বিস্তীৰ্ণ বিভিন্নতাৰ পৰিণাম স্বৰূপ, বনাঞ্চল, তৃণভূমি, আৰ্দ্ৰভূমিৰ নিচিনা পৰিস্থিতিতান্ত্ৰিক বাসস্থানৰ বৈচিত্ৰতা আছে যিয়ে ব্যাপক অৰণ্যজাত আৰু পশুজাত প্ৰজাতিক ধৰি ৰখাৰ লগতে আশ্ৰয় দিয়ে।

    জৈৱ বৰ্ণিলতা

    জলবায়ুগত অৱস্থাৰ কাৰণে দেশৰ এই অঞ্চলত নমনীয় ও অত্যাধিক আৰ্দ্ৰ অৱস্থাৰ সৃষ্টি নহয় আৰু হিটেৰোজেনিক ফিজিঅ`গ্ৰাফীৰ লগে লগে বহু সংখ্যক উদ্ভিদ প্ৰজাতিৰ সম্ভাব্য ভৌগোলিক বৃদ্ধি ঘটে যিটো অসমৰ এটা স্বতন্ত্ৰ পৰিচয়, বহু সংখ্যক প্ৰজাতি এই অঞ্চলত পোৱা যায় আৰু ই কল, টেঙা, আম, বগৰী আৰু চাহকে অন্তৰ্ভূক্ত কৰি ব্যৱসায়িক ভাৱে মহত্বপূৰ্ণ গছৰ কাৰণে মূল কেন্দ্ৰও হয়, পুষ্পজাত সমৃদ্ধতাৰ বিন্যাসে বহু সংখ্যক বিদ্বানক উত্তৰ পূৰ্বাঞ্চলৰ ``জৌৱিক দ্বাৰ`` হিছাপে অসমক বৰ্ণণ কৰিবলৈ প্ৰেৰিত কৰিছে। প্ৰসিদ্ধ উদ্ভিদ শ্ৰেণীবিন্যাসিক আৰু উদ্ভিদ ভূগোলবিদ আৰমেন এল. তখ্টাজানে পৰিলক্ষিত কৰিছিল, `` ফুল গছৰ প্ৰতিপালন অসম আৰু ফিজিৰ মাজত হয়``।

    বৈচিত্ৰময় উদ্ভিদ সম্প্ৰদায় :

    ``ভাৰতৰ বনাঞ্চল প্ৰকৃতিৰ সংশোধিত জৰীপ`ত চেম্পিয়ন আৰু শেঠে যত সম্ভৱ একাৱন্ন টা বিভিন্ন বনাঞ্চল প্ৰকৃতি/উপ প্ৰকৃতিক এই অঞ্চলৰ কাৰণে শ্ৰেণীভূক্ত কৰিছে। কিন্তু, প্ৰজাতিৰ বৈচিত্ৰতা ইমানেই দৰ্শনীয় যে বিদ্যমান উদ্ভিদ গঠনৰ কাৰণে পৃথক সম্পদক স্পষ্টভাৱে চিহ্নিত কৰাটো প্ৰায়ে কঠিন হৈ পৰে। যি কি নহওক, বহলকৈ ক`বলৈ গ`লে নিম্ন লিখিত প্ৰকাৰত/উপ প্ৰকাৰত অসমৰ বনাঞ্চলক বৰ্ণনা কৰিব পাৰি।

    • গ্ৰীষ্ম প্ৰধান আৰ্দ্ৰ চিৰহৰিৎ অৰণ্য।
    • গ্ৰীষ্ম প্ৰধান অৰ্ধ চিৰহৰিৎ অৰণ্য।
    • গ্ৰীষ্ম প্ৰধান সেমেকা পৰ্ণপাতী অৰণ্য।
    • জৈৱবৈচিত্ৰ প্ৰবন্ধন সমিতিৰ কাৰ্য্যক্ৰম সমন্বয়।
    • চাব-ট্ৰপিকেল ব্ৰডলিফ হিল ফৰেষ্ট।
    • উপ গ্ৰীষ্ম প্ৰধান সৰল অৰণ্য।
    • উপকূল আৰু জলাহ অৰণ্য।
    • তৃণভূমি আৰু সমভূমি অৰণ্য।

    গ্ৰীষ্ম প্ৰধান আৰ্দ্ৰ চিৰহৰিৎ অৰণ্য গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় জিলা আৰু পাদদেশৰ সৈতে লখিমপুৰ আৰু ধেমাজী জিলাৰ এক সংকীৰ্ণ ভূমিত পোৱা যায়। এই অৰণ্য সমূহ ৰাজ্যৰ দক্ষিণ অংশৰ বৰাইল এলেকাৰ নিম্ন অংশত আৰু লোহাৰবন্দ, সোণাই, লঙাই আৰু কাচাৰ আৰু কৰিমগঞ্জ জিলাৰ ধলিয়া সংৰক্ষিত বনাঞ্চলত পোৱা যায়।

    হলং (ডিপটেৰ`কৰ্পাচ মেক্ৰ`কৰ্পাচ) অসমৰ সকলোতকৈ ওখ গছ হোৱাৰ লগতে ``জাতীয় বৃক্ষ``ও, যি এই অৰণ্য সমূহৰ প্ৰধানতম উপাদান। সংযোজিত প্ৰজাতি সমূহ হ`ল বৰপাত, জুটুলী, চাম, দেৱা চাম, নাহৰ, তিতা চঁপা: ভেলু: মেকাই আদি।

    যি নহওক মেচুৱা ফেৰিআ (নাহৰ): মেচুৱা ফ্ল`ৰিবান্দা (বলঙ), মিচেলিয়া গ্লাব্ৰা(চঁপা): পালাকুইয়াম প`লিয়ান্থাম (কথলুৱা) আদি গছৰ লগতে ডিপটেৰ`কৰ্পাচ টাৰ্বিনেটাচ(গৰ্জন) গছ দক্ষিণ অসমৰ অৰণ্য সমূহত আছে। গ্ৰীষ্ম প্ৰধান অৰ্ধ চিৰসেউজ অৰণ্য সমূহৰ বেছিভাগেই ৰাজ্যৰ উত্তৰ আৰু দক্ষিণ ভাগৰ লগতে হলঙাপাৰ, অভয়পুৰ, দিল্লী, ধনশিৰি, খোলাহাট, মায়ং, গড়ভঙা, ৰাণী, মহামায়া, গোমা, হাল্টুগাওঁ, কচুগাওঁ, গেলী, পভা, ৰঙা,, কাটক, নদুৱাৰ, বাতাসীপুৰ, দহলিয়া, শিংলা, লঙাই, ভূবন পাহাৰ, সোণাই, বৰাক আৰু আন্তঃ ৰেখীয় সংৰক্ষিত বনাঞ্চলত পোৱা যায়।

    এই অৰণ্য সমূহত কিছু সংখ্যক ডাঙৰ গছৰ লগতে বেছিভাগ মধ্যম আকাৰৰ গছ আছে। গুল্ম, পুষ্পলতা, লতা, অৰ্কিড আৰু ঢেকীয়া প্ৰচুৰ পৰিমাণে বাঢ়ে। একেবাৰে কাষৰ ঠাই সমূহ বাঁহ আৰু বেতেৰে আগুৰা।

    অৰণ্য বিশেষে প্ৰজাতি সন্থা আৰু সেইবালাকৰ পুনৰাবৃত্তিৰ হাৰ ভিন্ন ভিন্ন হয়, কিন্তু সচৰাচৰ পোৱা কিছু সংখ্যক হ`ল একটিন`ডাফ্নে অ`ব`ভাটা (পেটাৰীচেৱা) এস্কুলাত প্ৰজাতিসমূহ (ৰমণবিহ) এট্ৰ`কপাৰ্চ চামা(চাম) আলবিজিয়া প্ৰজাতিসমূহ(শিৰিষ,সাউ,কৰৈ),এন্থ`চিফালাছ চিনেচিছ(কদম),দোৱাবাংগা গ্ৰেণ্ডিফ্ল`ৰা(খকন),কাষ্ট`ন`প্চিছ(শিঙৰী, ধোবাশিঙৰী, কাঞ্চন) ডিলেমায়া ইণ্ডিকা(ঔ টেঙা), বহিনিয়া পাৰ্পাৰিয়া(কাঞ্চন) লাগেৰ্ষ্ট্ৰ`মিয়া প্ৰজাতিসমূহ (জৰুল, আজাৰ, সিধা), মেগ্ন`লিয়া প্ৰজাতিসমূহ(ফুলচম্পা, গাহৰিচম্পা, পানচম্পা, থৰিকাচম্পা, কঠানচম্পা, দুলীচম্পা), মেল`টাচ প্ৰজাতিসমূহ (সিন্দুৰী, জৰাল, দুধলতি, বুৰিটকন), মিচেলিয়া চাম্পাকা(তিতা চঁপা) চিজীজিয়াম প্ৰজাতিসমূহ (পাহাৰী জাম, মোক্ৰাজাম, বৰজামু, ক`লাজামু, বগীজামু, গোলাপ জামু)। চিমা ৱালিচি(বোলেম ঘূগৰা), টাৰ্মিনেলিয়া প্ৰজাতি সমূহ(শিলিখা, বহেৰা, ভোমোৰা), ট্ৰেৱিয়া নুডিফ্ল`ৰা (ভেলকোৰ), হাতিপ`লিয়া, হোলোক আদি।

    সেমেকা পৰ্ণপাতী অৰণ্যক শাল বন আৰু মিশ্ৰিত পৰ্ণপাতী অৰণ্য হিছাবে বৰ্ণনা কৰিব পাৰি। শাল বনে ৰাজ্যখনৰ মধ্য আৰু নামনি অংশৰ নগাওঁ, মৰিগাওঁ, কামৰূপ, নলবাৰী আৰু বৰপেটাৰ অংশসমূহ, দৰং, ধুবুৰী, কেকৰাঝাৰ আৰু গোৱালপাৰাৰ যথেষ্ট বনভূমি দখল কৰি আছে।

    এই অৰণ্যসমূহত শাল গছ সমূহ লাগেষ্ট্ৰমিয়া প্ৰজাতিসমূহ(জৰাল, আজাৰ), চিনা ৱালিচি (ঘূগৰা), ষ্টেৰিঅ`স্পাৰ্মাম পাৰ্চ`নাটাম(পাৰুলি), এডিনা কাৰ্ড`ফ`লিয়া(হাল্দু), আৰ্ট`কপাৰ্চ প্ৰজাতি সমূহ(চাম), ফিকাচ প্ৰজাতিসমূহ(বৰ, ডিমৰু, ধূপবৰ, বট, এথাবৰ, টেঙাবৰ, লতাডিমৰু, খঙালডিমৰু), বিচ`ফিয়া জৱানিকা (ইউৰিয়াম), মেলিনা আৰ্ব`ৰিয়া (গমাৰি), মিচেলিয়া চাম্পাকা (তিতা চঁপা), টাৰ্মিনেলিয়া প্ৰজাতি সমূহ (শিলিখা, ভোমেৰা, বহেৰা)। টুনা চিলিয়েট (প`মা) ইত্যাদিৰ লগত একেলগে বাঢ়ে।

    সেমেকা পৰ্ণপাতী মিশ্ৰিত অৰণ্য সমূহ লখিমপুৰ, ধেমাজী, কাৰ্বি আংলং আৰু উত্তৰ কাচাৰ পাৰ্বত্য জিলাৰ পাদদেশত পোৱা যায়। কিছু সংখ্যক চিৰহৰিৎ আৰু অৰ্দ্ধ-চিৰহৰিৎ প্ৰজাতি সহ গছ সমূহৰ বেছিভাগেই পৰ্ণপাতী গছ। এই অৰণ্য সমূহত বাঢ়ি অহা মহত্বপূৰ্ণ উদ্ভিদ প্ৰজাতিয়ে ক`ৰ্ডিফলিয়া (হাল্দু), আলবিজিয়া প্ৰজাতিসমূহ (শিৰিষ, ক`লাশিৰিষ,কৰৈ, সাউ) এলষ্ট`নিয়া স্কলাৰিচ (চতিয়না), আৰ্ট`কপাৰ্চ চামা (চাম), চেৰেয়া আৰ্ব`ৰিয়া(কুম্ভী), ডলকাৰ্জিয়া প্ৰৰজাতিসমূহ(শিশু, মেদেলুৱা),ফিকাচ প্ৰজাতি সমূহ(বট,বৰ,ডিমৰু), লাগেৰ্ষ্ট্ৰ`মিয়া প্ৰজাতিসমূহ( জৰাল, আজাৰ), মাল্ল`টু প্ৰজাতিসমূহ (সেন্দুৰী, জৰাল, দুধলতি) আদিক অন্তৰ্ভূক্ত কৰে।

    এই অৰণ্য সমূহ গুল্মজাত আৰু ঔষধিজাত ভূমি উদ্ভিদৰ সমৃদ্ধিশালী বৈচিত্ৰতাৰ আশ্ৰয় স্থল।

    বৰ্ষাছাঁয়িত এলেকাত সীমান্তৱৰ্তী সেমেকা পৰ্ণপাতী অৰণ্য পোৱা যায়, যি অৰণ্যক কাঞ্জিলালৰ দ্বাৰা ``শুষ্ক অৰণ্য``ৰ ৰূপত জনা যায়। লামডিং, লেংটিং, মইলংদিচা সংৰক্ষিত বনাঞ্চল সমূহত এই প্ৰকাৰৰ অৰণ্য সমূহৰ সন্মুখীন হ`ব লগীয়া হয়। উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত উমানন্দ দ্বীপ এক বিশিষ্ট উদাহৰণ। মহত্ব পূৰ্ণ প্ৰজাতিয়ে অন্তৰ্ভূক্ত কৰে, ইগল মাৰ্মেল`জ (বেল), আলবিজিয়া প্ৰজাতিসমূহ (শিৰিষ), কাচিয়া ফিচতুলা(সোণাৰু), ব`ম্বাক্স (শিমলু), এলষ্ট`নিয়া স্কলাৰিচ(চতিয়না), ফিকাচ প্ৰজাতিসমূহ(বৰ), লিটচিয়া প্ৰজাতিসমূহ (লবন, বাঘনলা, মেজাংকৰি, সুঁৱলু, দীঘলতি), মেলিয়া এজেণ্ডাৰাৰ্চ (নিম), মৰিংগা অলিফেৰা(চজিনা), অ`ৰ`চিলাম ইণ্ডিকাম (ভাতগিলা) মেল্ল`টাচ প্ৰজাতিসমূহ (সেন্দুৰী) টাৰ্মিনেলিয়া প্ৰজাতিসমূহ (শিলিখা, ভোমোৰা ইত্যাদি।

    চাব্`ট্ৰপিকেল ব্ৰড লিফ হিলচ্ ফৰেষ্ট আৰু উপ-গ্ৰীষ্ম প্ৰধান সৰল অৰণ্য কাৰ্বি আংলং আৰু উত্তৰ কাচাৰ পাৰ্বত্য জিলাত পোৱা যায়। সচৰাচৰ পোৱা প্ৰজাতি সমূহ হ`ল এলচিঅ`ডাফনে পেটিঅ`লাৰিচ(বন-সুঁৱলু), এণ্টিডেচমা বুনিয়াচ, বেটুলা এলন`ইডেচ, ক্লেইভন স্পেচিফ্ল`ৰাম আদি। উচ্চতৰ বিশুদ্ধ থিয় পাইনাচ কেচিয়া (খাচী-পাইন) সমূহ বিশেষকৈ কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাত পোৱা যায়।

    তৃণভূমি আৰু সমভূমি সমূহ হৈছে তৃণ প্ৰভাৱিত বৃহৎ জৈৱিক সত্তা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পৰিতৰা, ওৰাং, সোণাই- ৰূপাই, লাওখোৱা, বৰনদী, বুঢ়াচাপৰি, ডিব্ৰু-ছৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশত বনস্পতিৰ প্ৰধান অংশ গঠন কৰে। অসমত তৃণভূমিয়ে মহত্বপূৰ্ণ বন্যজীৱ জনসংখ্যাক সমৰ্থন কৰে। মহত্বপূৰ্ণ তৃণ সমূহ হ`ল আপ্লুডা মিউটিকা, ফ্ৰেগমেটিচ কাৰ্কা, স্কেল`ৰ`ষ্টা ফুচকা, চছাৰাম প্ৰজাতি আদি। এই প্ৰজাতিসমূহ বাৰিষা কালৰ আৰম্ভণিতে সংগবদ্ধবাৱে বাঢ়ে আৰু আনকি ৬ মিটাৰ পৰ্য্যন্ত ওখ হয়।

    ভূমিৰ ওপৰত জৈৱিক ছাপৰ কাৰণে উপকূলীয় আৰু জলাহ অৰণ্য সমূহে প্ৰায়ে তেওঁলোকৰ পৰিচয় হেৰুৱায়। বৰ্তমানৰ তৰাগছ আৰু তৃণ সমূহে বৰ্দ্ধন শক্তিৰ বৃহৎ উপাদান গঠন কৰে। মহত্বপূৰ্ণ প্ৰজাতিসমূহৰ অন্তৰ্ভূক্ত প্ৰজাতিসমূহ হ`ল আগেৰাটাম কনাইজ`ডিছ, এল`কাচিয়া প্ৰজাতি, এলপিনিয়া প্ৰজাতি, এনাৰেনথাচ প্ৰজাতি, কাক`পা প্ৰজাতি, ব্লুমিয়া প্ৰজাতি, ব`ম্বেক্স প্ৰজাতি, ক্ৰ`ট`লাৰিয়া প্ৰজাতি আদি।

    অসমৰ অৰ্কিড সমূহ

    অসমত যত সম্ভৱ ২৯ টা প্ৰজাতিৰ অৰ্কিড নথিভূক্ত কৰা হৈছে যিয়ে উত্তৰৰ ৪৪.৩৯ % ক প্ৰতিনিধিত্ব কৰে। পূৰ্ব প্ৰজাতি আৰু ২৪.৪২ % প্ৰজাতি ভাৰতত উৎপন্ন হয়।

    পুষ্পজাত উদ্ভিদৰ গোট হিছাবে অৰ্কিডে অৱস্থানৰ বিস্তৃত পৰিসৰক প্ৰদৰ্শিত কৰে আৰু সিহঁতৰ বৃদ্ধি, বিকাশ আৰু পুনৰাৱিৰ্ভাৱৰ কাৰণে বিশিষ্ট মেক্ৰ জলবায়ুৰ আৱশ্যকতা আছে। অসম অৰ্কিড সমূহে অৰ্কিডাচিয়াচ টেক্সাত পোৱা সকলো লক্ষণ আৰু বৃদ্ধিৰ ৰূপক প্ৰকাশ কৰে। সেই সমূহৰ অধিকাংশই এপিফাইটচ্। গুডয়েৰা প্ৰচেৰা আৰু স্পাইৰেন্থিচ চিনেচিচ সমূহক জলচৰ হিছাবে অভিযোজিত কৰা হৈছে য`ত নেকি ডেমিলা পিলিফেৰা আৰু গেলিঅ`লা এলটিচ চিমা সমূহ হৈছে লতা।

    অৰ্কিডসমূহ চিৰহৰিৎ আৰু অৰ্ধ চিৰহৰিৎ অৰণ্য আৰু কিছু পৰিমানে সেমেকা পৰ্ণপাতী অৰণ্য সমূহত তেওঁলোকৰ চমকপ্ৰদ অতি সুন্দৰতাৰে বৃদ্ধি হয়।

    জেনেৰা এচানথেফিপিয়াম, এন`ইক্ট`চিলাচ, এপ`ষ্টাচিয়া, এগ্ৰ`ষ্ট`ফিলাম, ক`ৱেল`জাইন, চিম্বিডিয়াম, ডেন্দ্ৰ`বিয়াম, এৰিয়া, অ`বাৰ`নিয়া, কালান্থে, ইউল`ফিয়া, জিয়`ড`ৰাম, হাবেনাৰিয়া, মালাক্সিচ, নেফেলাফিলাম, কেনাৰ`টিছৰ প্ৰজাতি সমূহ সচৰাচৰ দেখা পাই থকা অৰ্কিড।

    অসমৰ বাঁহ

    অসমৰ অৰ্থ সামাজিক জীৱনত বাঁহে যথেষ্ট গুৰুত্ব লাভ কৰিছে ইয়াৰ বিভিন্ন ধৰণৰ ব্যৱহাৰৰ কাৰণে। অসমত সকলোমিলি ৩৮ বিধ প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱাৰ বাঁহৰ প্ৰজাতি নথিভূক্ত কৰা হৈছে ইয়াৰ ভিতৰত বেম্বুচা মাষ্টাৰেচৰ বিতৰণ ডিব্ৰুগড় জিলাত নিষিদ্ধ। বেম্বুচা ক্যাচাৰেনিস, ডাইনোক্লোৰা কম্প্যাক্টিফ্লোৰা, ডি. ইণ্ডিয়া সমূহ বাৰাক উপত্যকা পৰ্য্যন্ত সীমিত। চিম্ন`বাবুচা গ্রিফিথিয়ানা আৰু অক্সেটেনানথেৰা পাৰভিফ্লোৰাৰ বিতৰণ উত্তৰ কাচাৰ পাৰ্বত্য জিলাত নিষিদ্ধ। বেম্বুচা ৰেঙ্গেনেচিচ লখিমপুৰ জিলাৰ আৰ এফ ৰেঞ্জত উৎপন্ন হয়। বেম্বুচা ভালগাৰিচৰ অসমত শোভাময় উদ্ভিদ হিছাবে খেতি কৰা হয়।

    বেম্বুচা জেইনটিয়ানা আৰু মেলোকানা আৰুণডিয়ানা একমাত্ৰ অসমতহে পোৱা প্ৰজাতি।অসম সমভূমিত কোনো বিশেষ ধৰণৰ অৰণ্য নাই, বাঁহৰ জোপোহা সমূহৰ বেছিভাগেই সংৰক্ষিত বনাঞ্চলৰ সীমান্তত পোৱা যায়। কিন্তু বিশুদ্ধ বাঁহৰ অৰণ্য উত্তৰ কাচাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আংলং জিলাত বেছিকৈ পোৱা যায় যি মেলোকানা ব্যাক্সিফেৰা আৰু চিম্নো`বেম্বুচা গ্রিফিথিয়ানা।

    অসমত বাঁহৰ ব্যাপক খেতি কৰা হয় আৰু প্ৰত্যেক পৰিয়ালেই তেওঁলোকৰ বাৰীত বাঁহ লগায়। সাধাৰণতে ৰোপন কৰা বীজ সমূহ হল বেম্বুচা বালকোয়া (ভলুকা বাঁহ), বেম্বুচা তুলডা (জাতিবাঁহ), মালকানা ব্যাক্সিফাৰ (মুলি বাঁহ), ডেনড্র`কালামাচ হ্যামিলটনি (কাকবাঁহ ) আৰু ডেন্দ্রোকালামচ গিগনাটাচ (মকাল বাঁহ)

    বেতৰ বৈচিত্ৰতা

    অসমৰ অৰণ্য সমূহৰ বেতনিত ১৪ টা প্ৰজাতিৰ বেত উৎপন্ন হয়। ক্যালামাচ ফ্ল্যাগেলাম, ক্যালামাচ ফ্লোৰিবুনাডাচ, ক্যালামাচ ল্যাটিফলিয়াচক সমগ্র অসম জুৰি ব্যাপকভাবে বিস্তাৰিত হিছাবে পোৱা যায়। প্লেটোমিয়া আচামিকা আৰু প্লেকট`মিয়া ব্রেকটিলিচ সমূহ স্থানীয় প্রজাতি।

    ঔষধি উদ্ভিদৰ বৈচিত্ৰতা

    আয়ুৰ্বেদিক, ইউনানি, হোমিওপ্যাথিক আৰু আনকি আধুনিক চিকিৎসা পদ্ধতিত ব্যৱহৃত হোৱা ভালেসংখ্যক ঔষধি উদ্ভিদৰ অসম হৈছে গৃহভূমি। এই সমূহৰ বেছিভাগেই বেজ নামে পৰিচিত পাৰম্পৰিক গ্ৰাম্য অনুশীলনকাৰী সকলৰ দ্বাৰা ব্যৱহাৰ কৰা হয় আৰু বিশেষভাৱে গাঁও অঞ্চলত এই সকল পাৰম্পৰিক অনুশীলনকাৰীৰ সপক্ষে ব্যক্তিসকলে সঁহাৰি জনাই। সৰ্বমুঠ ৯৫২ টা উদ্ভিদ প্রজাতিক চিনাক্ত কৰা হৈছে যি চিকিৎসা পদ্ধতিৰ কিছুমান ধৰণ বা বেলেগ ধৰণেৰে ব্যৱহৃত হৈ আহিছে।

    এচপেৰেগাচ ৰেচেম`চা(সতমুল), কাৰ্কুমা এৰ`মেটিকা (বন-হালধি), এমব্লিকা অফিচিনেলিচ (বেল), টাৰ্মেলিয়া প্রজাতি (শিলিখা, বেহেৰা), ইউজেনিয়া জামব`লানা (লোহা-জাম), গাৰ্চিনা প্রজাতি (থেকেৰা), হ`লাৰিণা এণ্টিডিচেণ্ট্ৰিকা (দুধকৰি), হাইডন`কৰ্পাচ কাৰ্জি (চালমূগ্ৰা), লিটচিয়া কুবিবা (মেজাংকৰি), অ`চিমাম প্রজাতি (তুলসী), ফ্ল`গ`কেনথাচ থাৰ্চিফ্ল`ৰাচ (তিতা ফুল), পিপাৰ লংগাম (পিপলি), চাৰাকা ইণ্ডিকা (অশোক), ৱেডেলিয়া কেলেন্দুলাচিয়া (মহাভৃঙ্গৰাজ), জিনজিবাৰ অফিচিনেলিচ (আদা)সমূহ হৈছে বিভিন্ন তত্বৰ চিকিৎসাত সচৰাচৰ ভাৱে অধিক ব্যৱহৃত কিছুমান উদ্ভিদ। কিন্তু তালিকাখন বিশদ নহয়।

    জলাশয় আৰু জলজ উদ্ভিদৰ বৈচিত্ৰতা

    উত্তৰ পূৱ অঞ্চলৰ অন্য কোনো ৰাজ্যৰ তুলনাত অসমত অধিক বিশুদ্ধ পানীৰ জলাশয় আছে। অসমৰ দুটা প্ৰধান নিষ্কাষণ প্ৰণালী-ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু এই নদী প্ৰণালী সমূহৰ প্লাৱন ভূমিত বিদ্যমান জলহুৱা গাঁত আৰু পিটনি সমূহৰ খণ্ডৰ লগে লগে বিভিন্ন আকাৰ, আয়তন আৰু গভীৰতাৰ চিৰস্থায়ী জলাশয় সমূহ স্থানীয়ভাৱে বিল, হোৰ, জলাহ, দলনী, হোলা, পিতনি আদি হিছাবে জনাজাত। জয়সাগৰ, শিৱসাগৰ, দীঘলী পুখুৰী, যোৰ পুখুৰী, হজৰা পুখুৰী, ৰাজহুৱা বৰ পুখুৰী আদিৰ নিচিনা পুখুৰী সমূহ মানৱ নিৰ্মিতি। এই পুখুৰী সমূহকো অসমৰ প্ৰাচীন শাসক সকলৰ দ্বাৰা খন্দা হৈছিল। অসমত আনুমানিক ৩৫১৩ খন বিল আৰু হোৰ, ১,৮৫,৬২৩টা পুখুৰী আৰু জলাশয় আৰু এটা জলাধাৰ আছে। গুৱাহাটীৰ নিকটৱৰ্তী দীপৰ বিল এখন ৰামসৰ চাইট। দীপৰ বিল আৰু ওপৰত উল্লেখিত আন কিছুমানৰ মাজৰ কেইখনমান গুৰুত্বপূৰ্ণ জলভূমি হ`ল চান্দডুবি, ৰাটা, ছয়হোলা, তৰালী-পথাৰ, ফোকোলাই, মেৰ, সোণবিল, জামজিং, শগুনপাৰা, মতাপুং, সাৰলেন, সৰেশ্বৰ, ৰৌমাৰী, খলিহামাৰী, গোৰাংগ, সাপেখাটি, কোলাদুৱাৰ আদি।

    অসমৰ জলজ উদ্ভিদ সমূহ বৈচিত্ৰময় অৱস্থানৰ অন্তৰ্গত আৰু এইসমূহৰ এক স্বতন্ত্ৰমূলক বিশিষ্ট আছে। এনে ধৰণৰ ১০০ ৰো অধিক জলজ প্ৰজাতিক চিনাক্ত কৰা হৈছে আৰু এই সমূহক তলত উল্লেখ কৰা বিস্তৃত শ্ৰেণী বিভাগত বৰ্ণণা কৰিব পাৰি।

    • ফ্ৰি ফ্ল`টিং হাইড্ৰ`ফাইট:ইচ`ৰনিয়া ক্ৰিচাইপচ,পিস্তিয়া ষ্ট্ৰেচ`লচ,লেম্না মিন` আদি।
    • চাচপেণ্ডেদ চাবমাৰ্চদ হাইড্ৰ`ফাইট:কেৰাট`ফিলাম ডেমাৰচাম, ইউট্ৰিকুলাৰিয়া গিব্বা আদি।
    • এংকৰ্ড চাবমাৰ্চদ হাইড্ৰ`ফাইট:হাইড্ৰিলা,প`ট`ম`জেটন,ভাল্লিস্নাৰিয়া আদি।
    • এংকৰ্ড হাইড্ৰ`ফাইট ৱিথ ফ্ল`টিং লিভচ:নিলাম্ব`,ইউৰাইল আদি।
    • এংকৰ্ড হাইড্ৰ`ফাইট ৱিথ ফ্ল`টিং স্যুট:লুদৱিজিয়া,ইপ`মিয়া আদি।
    • এমাৰ্জেণ্ট এমফিবিয়াচ হাইড্ৰ`ফাইট: চেজিটেৰিয়া, স্ক্ৰিৰ্পাচ।
    • ৱেটলেণ্ড হাইড্ৰ`ফাইট: চাইপেৰাচ, হাইগ্ৰ`ফিল্লা আদি।

    স্থানীয় উদ্ভিদকুল

    স্থানীয় উদ্ভদকুল হৈছে এনকুৱা উদ্ভিদ যি সমূহ প্ৰতিবন্ধিত এলেকাত উৎপন্ন হয়। সকলোমিলি ১৬৫ টা প্ৰজাতিৰ উদ্ভিদক চিনাক্ত কৰা হৈছে যি সমূহৰ অসমৰ কিছুমান জেগাত বিতৰণৰ প্ৰতিবন্ধকতা আছে, যদিও সেই সমূহৰ বিতৰণক উত্তব পূব অঞ্চল আৰু ভাৰতৰ কোনোবা ঠাইলৈ প্ৰসাৰিত কৰা হৈছে। যি কি নহওক এনেকুৱা প্ৰায় ১০০ টা প্ৰজাতিৰ বিতৰণ মাত্ৰ অসমলৈকেহে সীমিত। এই সমূহত গছকো অন্তৰ্ভূক্ত কৰা হৈছে উদাহৰণ স্বৰুপে আকাচিয়া গাগিনা, এজয়াণ্টাম এছামিকাম, এলছিআ`ডাফ্নে এন্দোৰ`চ`নি, এলছিঅ`ডাফ্নে খাচিয়ানা, এঞ্জিঅ`পটেৰিচ এচামিকা, কেদ্ৰেলা ফেব্ৰিফুগা, চানাম`মাম কাচেৰেনচিছ, কোৱান,জাইন ছামিকা, কম্ব্ৰিটাম ৱালিচি, ডাইন`ক্লোৱা ইণ্ডিকা, ডায়`স্পিৰ`চ কাচচৰেনচিছ, ডিপটেৰ`কৰ্পাচ মান্নি, ইউজেনিয়া টিয়ান`ফিল্লা, বাঁহ উদাহৰণ স্বৰূপে বোম্বুছা কাচাৰেনচিছ, বাম্বুছা মাষ্টাৰ্চি, চিম্ন`বেম্বুছিয়া গ্ৰিফিথেনা, অৰ্কিড উদাহৰণ স্বৰূপে বাল্ব`ফিলাম ইলাছ`ল`টাম, বাল্ব`ফিলাম ভাইৰেয়াচ, ডেন্দ্ৰ`বিয়াম এছামিকাম আদি।

    দুৰ্লভ আৰু বিলুপ্তপ্ৰায় প্ৰজাতি সমূহ

    আই ইউ চি এন ৰ দ্বাৰা স্কীকৃতি প্ৰাপ্ত সকলো ফালৰ পৰা উপলব্ধ নথিভূক্ত শ্ৰেণী সমূহৰ পৰা বিপদ সংকুল উদ্ভিদ সমূহৰ বিষয়ে অসমৰ পৰা ৰিৰ্প`ট কৰা হয়।

    বিলুপ্ত: বেম্বুচা মাষ্টাৰ্চ, ক্লেইচ`ষ্ট`মা এৰিয়েটিনাম, চাইপেৰাচ ক`ৰাইম্ব`ছাচ, ডেন্দ্ৰ`বিয়াম এটামিকাম, ডেন্দ্ৰ`বিয়াম অৰাণ্টিয়াকাম, হেটিৰিয়া এন`মালা, লিপাৰিচ ষ্টেচিয়াৰাচ আৰু চাপ্ৰিয়া হিমালয়ানা। পেফিঅ`পেডিনাম স্পেচেৰিয়ানাম বন্য জীৱনৰ পৰা বিলুপ্ত হৈ যোৱা বুলি প্ৰতিবেদন দাখিল কৰা হৈছে।

    ওপৰত উল্লেখ কৰা সমূহৰ বাহিৰেও ২৮৪ উদ্ভিদ প্ৰজাতি গম্ভীৰ ৰূপত বিলুপ্তপ্ৰায় বুলি কোৱা হয়, ১৪৯ প্ৰজাতি বিলুপ্তপ্ৰায় হিছাবে ৫৮ টা প্ৰজাতি দুৰ্বল হিছাবে, ১৩ টা প্ৰজাতি বিপদশংকূল অৱস্থা হিছাবে আছে।

    সমৃদ্ধিশালী জীৱকুলৰ বৈচিত্ৰতা

    অসম ভাৰত, ইণ্ডো-মালবিয়ান আৰু ইণ্ডো-চাইনা ভৌগোলিক অঞ্চলৰ মাজৰ মাধ্যমিক ক্ষেত্ৰৰ এটা অংশ। অনুকূল জলবায়ু, স্থলাকৃতিক আৰু ভূমি সংক্ৰান্তিয় কাৰকে উদ্ভিদ সম্প্ৰদায়ৰ চমকপ্ৰদ বৃদ্ধিক সৰ্মথন কৰে আৰু বিভিন্ন বাসস্থানৰ সৃষ্টি কৰে। সেমেকা চিৰহৰিৎ, অৰ্ধ চিৰহৰিৎ, সেমেকা পৰ্ণপাতী, সেমেকা সমভূমি আৰু নদীকাষৰীয়া অৰণ্যৰ লগে লগে নদী প্ৰণালী আৰু জলাহৰ প্ৰসাৰিত নেটৱৰ্ক, পিতনি আৰু জলভূমি সমূহে স্তন্যপায়ী, বান্দৰ, সৰীসৃপ, উভচৰ প্ৰাণী, মাছ, শামূক, চৰাই, পখিলা, পোক পতংগ সমূহৰ কাৰণে আদৰ্শ অৱস্থা আৰু উপযুক্ত বাসস্থান প্ৰদান কৰে। জীৱ সম্প্ৰদায়ৰ অধিক বৈচিত্ৰময় এক অস্তিত্বৰ সৈতে; অসমে দেশৰ বাকী অংশলৈ অৰিয়েণ্টেল আৰু পেলিয়াৰ্কটিক উভয় অঞ্চলৰ জীৱকূলৰ প্ৰসাৰৰ কাৰণে প্ৰৱেশদ্বাৰ প্ৰদান কৰে।

    স্তন্যপায়ীৰ বৈচিত্ৰতা

    অসমে বান্দৰ প্ৰজাতি সহ ইণ্ডো-চাইনা প্ৰজাতি সমূহৰ কাৰণে অতি পশ্চিমীয়া আৰু বহুতো উপদ্বীপজাত স্তন্যপায়ী জীৱকুলৰ কাৰণে অতি পূৰ্বাঞ্চলীয় সীমা গঠন কৰে। বহুতো ভাৰতীয় প্ৰজাতিৰ বিস্তাৰিত সীমা য`ত ক্ললেছ অটাৰ, ফুটুকা হৰিণ, নল হৰিণ, শিলঘঁৰীয়া মাছ, হিস্পীদ হৰে, মহান ভাৰতীয় এশিঙীয়া গঁড়, নল গাহৰি আদি অন্তৰ্ভূক্ত হৈ আছে, অসমৰ সমতল ভূমিতেই সমাপ্ত হয়। এই অঞ্চলৰ পৰা বহুতো ইণ্ডো-চাইনা জীৱকূলে সিহঁতৰ জীৱিকাৰ বিস্তাৰিত পৰিসৰ লাভ কৰে। এই অঞ্চলৰ পৰা সিহঁতৰ জীয়াই থকাৰ উল্লেখ কৰিব পাৰি। গধা ফুটুকি, মাৰ্বল কেট, সোণালি মেকুৰি, স্পটেদ লিংচেঙ, বৃহৎ ভাৰতীয় চিভেত, বিন্তুৰংগ, ক্ৰেব ইতিং মংগুছ, ফেৰেট বেজাৰ, হ`গ বেজাৰ, হ`ৰি বেম্বু ৰেট, বে বেম্বু ৰেট ইত্যাদি নিচিনা প্ৰজাতিৰ কথা উল্লেখ কৰিব পাৰি। উত্তৰ অঞ্চলত পোৱা সকলো বান্দৰ প্ৰজাতিৰ অসম হৈছে গৃহ ভূমি। ইয়াৰ বাহিৰেও বিশেষ কৈ পশ্চিমীয়া ঘাটত দেখা পোৱা উপদ্বীপীয় ভাৰতৰ অৱশিষ্ট স্তন্যপায়ী জীৱকূলৰ বহুতৰে অসম আৰু উত্তৰ পূৰ্ৱাঞ্চলৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে আৰু সেইকাৰণে ভাৰতৰ স্তন্যপায়ী জীৱকূলৰ বিস্তাৰৰ ক্ৰমবিকশিত পক্ৰিয়াত অসমে নিঃসন্দেহে এক মুখ্য স্থান গ্ৰহণ কৰিছে।

    অসমৰ স্তন্যপায়ী বৈচিত্ৰতাক ১৯৩ টা প্ৰজাতিয়ে প্ৰতিনিধিত্ব কৰে যি সমূহ এই অঞ্চলত ব্যপক ভাবে প্ৰসাৰিত হৈ আছে। কিন্তু দেৰিকৈ কিছুমান প্ৰজাতি যেনে এশিঙিয়া গঁড়, পানী মহ, নল গাহৰি, নল হৰিণ, সোণালী বান্দৰ, হলৌ বান্দৰৰ একাষৰীয়া ক্ষেত্ৰ বা সংৰক্ষিত এলেকা লৈ সিহঁতৰ বিতৰণ সীমিত।

    বান্দৰ প্ৰজাতিৰ বৈচিত্ৰতা

    ১৫ টা ভাৰতীয় বান্দৰ প্ৰজাতিৰ ভিতৰত ৯ টা অসমত পোৱা যায়। হলৌ বান্দৰ অকল ভাৰতত হে পোৱা যায়। অন্য বান্দৰ প্ৰজাতি সমূহ হ`ল গ`ল্ডেন বান্দৰ, কেপ্দ বান্দৰ, ৰিচাচ বান্দৰ, পিগটেইল বান্দৰ, ষ্টাম্প টেইল মাচাক, আচামীজ মাচাক আৰু স্ল` লৰিচ। গ`ল্ডেন লেংগুৰ বা `` সোণালী বান্দৰ`` যি স্থানীয় ভাৱে পৰিচিত সেইসমূহক পশ্চিমে সোণকোষ নদী; পূবে মানস; দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু উত্তৰে ভূটানৰ পাহাৰ সূহৰ মাজত পোৱা যায়। পিগটেইল মাচাক, ষ্টাম্প টেইল মাচাক, যাক স্থানীয় ভাৱে গাহৰি নেজীয়া বান্দৰ আৰু সেন্দুৰীয়া বান্দৰ বুলি জনা যায় যথাক্ৰমে ৰাজ্যৰ পূব, মধ্য আৰু দক্ষিণ অংশত বিতাৰিত হৈ আছে। ৰিচাচ মাচাক, কেপ্দ বান্দৰ আৰু আচামীজ মাচাক সমগ্ৰ ৰাজ্য খনত কম বেছি পৰিমাণে বিতাৰিত হৈ আছে। আচামীজ মাচাক আৰু ৰিচাচ বান্দৰ সমূহ গাওঁ আৰু চহৰ অঞ্চলতো পোৱা যায়।

    অধিকাংশ বান্দৰ প্ৰজাতিয়েই মূখ্য ৰূপত প্ৰকৃতিত গছত বাস কৰে কিন্তু আচামীজ মাচাক আৰু ষ্টাম্প টেইল মাচাক সমূহ আংশিক ভাৱে স্থলতো বাস কৰে। স্ল` লৰিচ সমূহ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত পোৱা একমাত্ৰ প্ৰচিমিয়ান। স্থানীয় ভাবে লাজুকী বান্দৰ হিছাবে পৰিচিত সিহতবোৰ নিৰ্জু প্ৰাণী আৰু দায়বদ্ধ ভাৱে আচ্ছাদিত আবাসী। বাসস্থানৰ নুন্যতা আৰু খণ্ডনৰ কাৰণে বান্দৰ প্ৰজাতি সমূহে সিহঁতৰ অস্তিত্বৰ কাৰণে গম্ভীৰ বিপদৰ সন্মুখীন হ`ব লগা হৈছে।

    পক্ষীৰ বৈচিত্ৰতা

    অসম বিশ্বৰ ভিতৰত এখন ``অন্যতম পক্ষী ক্ষেত্ৰ``। ৯৫০ টা পক্ষী প্ৰজাতি সহ ৰাজ্যখন ভাৰতীয় উপ-মহাদেশত দেখা পোৱা ৫৩.৫% পক্ষী প্ৰজাতিৰ আবাসস্থল, পক্ষীসমূহৰ ১৭ টা প্ৰজাতি অসমৰ স্থানীয় আৰু ইয়াৰ অন্তৰ্ভূক্ত সমূহ হ`ল- মনিপুৰ বাশ্ব কোৱাইল, মাৰ্শ্ব বেবলাৰ, স্ন`য়ী থ্ৰ`টেজ বেবলাৰ, টাউনী ব্ৰেষ্টেড ৰেন বেবলাৰ, ব্লিথ ট্ৰেগ`পান, বিউটিফুল চিবিয়া, গ্ৰে` চিবিয়া, ব্লেক ব্ৰেষ্টেড পেৰটবিল, চেচ্ট্ৰাণ্ট ব্ৰেষ্টেড পাৰ্টিডজ,ৰাষ্টী ব্ৰেষ্টেড চৰ্টৱিগ আদি। অসমত পোৱা পক্ষীসমূহৰ ৪৫ টা প্ৰজাতিক ইণ্ডিয়ান ৰেড বুক ডেটাত উল্লেখ কৰা হৈছে আৰু ইয়াৰ অন্তৰ্ভূক্ত সমূহ হ`ল- হোৱাইট ৱিংগড্ ঊদ ডাক, ব্লিথচ্ ট্ৰেগ`পাম, গ্ৰেটাৰ এডজাচেণ্ট, লেজাৰ এডজাচেণ্ট, লেজাৰ হোৱাইট ফ্ৰণ্টেড গুজ, মাৰ্বেল্ড টিল, বিয়েৰচ্ প`চাৰ্ড, পিল্লাজ চি ঈগল, গ্ৰেটাৰ স্পটেড ঈগল, গ্ৰীন পিফউল, হোৱাইট ৰামপদ ভালচাৰ, লংবিলড ভালচাৰ আদি।

    সৰীসৃপৰ বৈচিত্ৰতা :

    অসমৰ বিভিন্ন ভূমিবৃত্তি আৰু বাসস্থান স্থিতিয়ে সৰীসৃপ আবাদীৰ এক সমৃদ্ধ বৈচিত্ৰতা সমৰ্থন কৰে। শিহু, ঘঁৰিয়াল, ১০ টা প্ৰজাতিৰ কাছ আৰু ৭৭ টা প্ৰজাতিৰ সাপ আৰু জেঠী ৰাজ্যখনত পোৱা যায়।

    উভচৰ প্ৰাণীৰ বৈচিত্ৰতা :

    এই অঞ্চলৰ পৰা দাখিল কৰা প্ৰতিবেদন অনুযায়ী অসম আৰু উত্তৰ-পূব অঞ্চলৰ বাকী অংশত ৭০ প্ৰজাতিৰ উভচৰ প্ৰাণী আছে। গেংগেন`ফিছ ফুলেৰী আৰু ইচথাইফিছ গাৰ`এনিছিছ সমূহ অসমৰ থলূৱা প্ৰজাতি।

    মাছৰ বৈচিত্ৰতা :

    ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী প্ৰণালী সহ সিঁহতৰ উপনদী আৰু বন্যা সমতল জলভূমিয়ে যি স্থানীয়ভাৱে বিল বুলি পৰিচিত মাছ প্ৰজাতিৰ বিন্যাসৰ কাৰণে এক সহজাত বাসস্থান প্ৰদান কৰে। অসম আৰু উত্তৰ পূব অঞ্চলক বিশুদ্ধ পানীৰ মাছৰ জৈৱবৈচিত্ৰতাৰ এটা হটস্পট হিছাবে স্বীকৃতি দিয়া হৈছে। এই অঞ্চলৰ পৰা ১৯৭ টা খাদ্য ক্ৰীড়া আৰু আলংকাৰিক মাছৰ প্ৰজাতিৰ বিষয়ে প্ৰতিবেদন দাখিল কৰা হৈছে যাৰ ভিতৰত ১৮৫টা প্ৰজাতিৰ প্ৰতিবেদন অসমৰ পৰা দাখিল কৰা হৈছে। মহত্ব পূৰ্ণ আলংকৰিক মাছ প্ৰজাতি সমূহ হ`ল- খলিহনা, তোৰা, ডৰিকনা, বতিয়া আৰু চাকা। বাণিজ্যিকভাৱে মহত্বপূৰ্ণ মাছৰ প্ৰজাতিৰ অন্তৰ্ভূক্ত সমূহ হ`ল, ৰৌ, বাহু, পাভ, পব্দা, চিতল, মাগুৰ, শিঙি, শ`ল আদি। মাত্ৰাধিক শোষণে মাছৰ বৈচিত্ৰতালৈ গভীৰ শংকা নমাই আনিছে আৰু ২৫ টা প্ৰজাতি বিপদশংকূল বুলি চিনাক্ত কৰা হৈছে।

    কোমলদেহী প্ৰাণীৰ বৈচিত্ৰতা :

    নদী প্ৰণালী আৰু বিস্তৃত প্লাবন ভূমিয়ে বিশুদ্ধ পানীৰ কোমলদেহী প্ৰাণী সমূহকো আশ্ৰয় দিয়ে। অসমৰ পৰা এতিয়ালৈকে বিশুদ্ধ পানীৰ শামুকৰ ৩৯টা প্ৰজাতিৰ সূচনা পোৱা গৈছে যাৰ ভিতৰত ১০ টা প্ৰজাতিক খাদ্য হিছাবে ব্যৱহাৰ কৰা হয়।

    পখিলাৰ বৈচিত্ৰতা :

    এই সমূহ পৃথিৱীৰ অতি সুন্দৰ প্ৰাণী সমূহৰ মাজৰ। ভাৰতৰ পৰা পখিলা সমূহৰ প্ৰায় ১৫০০ টা প্ৰজাতিৰ বিষয়ে সূচনা পোৱা গৈছে যাৰ ভিতৰত প্ৰায় অৰ্ধেকৰ বিষয়ে অসম আৰু উত্তৰ-পূব ভাৰতৰ পৰা সূচনা পোৱা গৈছে। স্কেল`টেইল পখিলা সমূহে এক মহত্বপূৰ্ণ স্থান দখল কৰিছে আৰু ``স্কেল`টেইল কনজাৰ্ভেচন এক্চন প্লেন``ৰ অধীনত আই ইউ চি এনে সমগ্ৰ উত্তৰ-পূব অঞ্চলক স্বেল`টেইল সমূদ্ধ সংমণ্ডল হিছাবে চিনাক্ত কৰিছে। পখিলা সমূহে উদ্ভিদসমূহৰ পৰাগ সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু নান্দনিকভাৱে গুৰুত্বপূৰ্ণ হোৱাৰ বাহিৰেও সিহঁতে জৈৱবৈচিত্ৰতা সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে।

    পতংগৰ বৈচিত্ৰতা :

    পতংগ সমূহো সুন্দৰ প্ৰাণী আৰু অসমত প্ৰায় ৩৮৭ প্ৰজাতিৰ পতংগ পোৱা যায় বুলি সূচনা কৰা হৈছে। পতংগ প্ৰজাতিৰ অধিকাংশই সমগ্ৰ ৰাজ্য জুৰি বিতাৰিত হৈ আছে।