জৈৱবৈচিত্ৰ আইন ২০০২ৰ কোনো বিধান উলংঘন কৰা বুলি চিনাক্ত হ`লে বা কোনো ব্যক্তি বা ব্যক্তিৰ গোট বা সম্প্ৰদায় সমূহ বা স্থানীয় সংস্থা বা বি এম চি সমূহৰ দ্বাৰা ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডৰ এক্টিয়াৰৰ ভিতৰৰ বিষয় সমূহ অমান্য কৰা বুলি পৰিলক্ষিত হ`লে অসমৰ ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডক এটা অভিযোগ দাখিল কৰিব পাৰি ত্ৰিশ দিনৰ সময় সীমাৰ সৈতে এই নিয়ম সমূহ সংযুক্ত ফৰ্ম ৭ ত।
ধাৰা | কাৰণ | দণ্ড বিধি |
৫৫-(১) | উলংঘন বা উলংঘা কৰিবলৈ প্ৰয়াস কৰা বা ধাৰা-৩ বা ধাৰ-৪ বা ধাৰা-৬ৰ উলংঘনৰ কাৰণে উপতনি দিয়া | ৫ বছৰৰ লৈকে কাৰাদণ্ড আৰু ১০ লাখ লৈকে জৰিমণা ক্ষতিৰ কাৰণে অনুসংগিক জৰিমণা (যদি ক্ষতিৰ পৰিমাণ ১০ লাখত কৈ অধিক হয়) |
৫৫-(২) | ধাৰা-৭ বা ধাৰা-২৪ ৰ উপ ধাৰা (২) ৰ অধীনত উল্লেখিত নিৰ্দেশ সমূহৰ উলংঘন | ৩ বছৰৰ লৈকে কাৰাদণ্ড আৰু ৫ লাখ লৈকে জৰিমণা বা দুয়োটা |
৫৬ | কেন্দ্ৰীয়/ৰাজ্যিক/এন বি এ/এছ বি বিৰ কোনো নিৰ্দেশ (যদি কোনো দণ্ড বিধি উল্লেখিত নাই) | ১ ম অনুপস্থিতি- ১ লাখ টকা ২ য় অনুপস্থিতি- ২ লাখ টকা নিয়মিত অনুপস্থিতি-২ লাখ টকা প্ৰতি দিনে |
৫৫-(১) ৫৭(২) | কোম্পানী/ফাৰ্ম/ব্যক্তি সংগঠনৰ দ্বাৰা অপৰাধ সঞ্চালক/প্ৰৱন্ধক/সচিব আদি | ব্যক্তি সকলৰ কাৰণে অনুৰুপ শাস্তি |
৫৮ | এই আইনৰ সকলো অপৰাধ বিচাৰ্য্য আৰু জামিন বিহীন হ`ব | |
৫৯ | এই আইনৰ প্ৰবিধান সমূহ অতিৰিক্ত আৰু অন্য কোনো আইনৰ আওঁতালৈ নাহে |