মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

এ আই চি এইচ আই ৰ লক্ষ্য

  • ``জৈৱবৈচিত্ৰ ২০১১-২০২০ ৰ কাৰণে কৌশলগত আঁচনি``,ৰ অধীনত এ আই চি এইচ আই জৈৱবৈচিত্ৰতা লক্ষ্যই বিশটা কাৰ্য্যসূচী বাছি লৈছে, জৈৱবৈচিত্ৰক ৰক্ষা কৰিবলৈ আৰু মানুহৰ কাৰণে ইয়াৰ লাভ সমূহ প্ৰসাৰিত কৰিবৰ কাৰণে সকলো দেশ আৰু হিতাধিকাৰী সকলৰ দ্বাৰা কাম কৰিবৰ কাৰণে যি খন হৈছে দহ বছৰৰ গঠন কাৰ্য্য।

    পাঁচটা কৌশলগত লক্ষ্য সম্পূৰ্ণ কৰিবৰ কাৰণে অনুৱৰ্ত্তী বিশটা বাছি উলিওৱা লক্ষ্য :

    কৌশলগত লক্ষ্য ক: চৰকাৰ আৰু সমাজত জৈৱবৈচিত্ৰৰ মূখ্য ধাৰাৰ দ্বাৰা জৈৱবৈচিত্ৰ ক্ষতিৰ অন্তৰ্নিহিত কাৰণ সমূহক সম্বোধিত কৰা।

    লক্ষ্য-১

    ২০২০ লৈকে নব্য ৰূপত, মানুহে জৈৱবৈচিত্ৰৰ মূল্যৰ ওপৰত সজাগ হ`ব আৰু তেওঁলোকে সংৰক্ষণ আৰু ইয়াৰ নিৰন্তৰ ব্যৱহাৰৰ কাৰণে পদক্ষেপ ল`ব।

    লক্ষ্য-২

    ২০২০ লৈকে নব্য ৰূপত, জৈৱবৈচিত্ৰৰ মূল্যক ৰাষ্ট্ৰীয় আৰু স্থানীয় বিকাশ আৰু দৰিদ্ৰ হ্ৰাসৰ কৌশলনীতি আৰু আঁচনি প্ৰক্ৰিয়াত একাক্ৰিত কৰা হৈছে আৰু ৰাষ্ট্ৰীয় লেখ, উচিত আৰু ৰিপ`ৰ্টিং চিষ্টেমত অন্তৰ্ভূক্ত কৰা হৈছে।

    লক্ষ্য-৩

    ২০২০ লৈকে নব্য ৰূপত, জৈৱবৈচিত্ৰৰ কাৰণে হানিকাৰক চাবচিডি সহ প্ৰোৎসাহন, নেতিবাচক প্ৰভাৱক কম কৰিবলৈ বা ইয়াৰ পৰা বাছিবৰ কাৰণে সংগবদ্ধ বা উন্নত কৰা হৈছে আৰু সংৰক্ষণৰ কাৰণে ইতিবাচক প্ৰোৎসাহন আৰু জৈৱবৈচিত্ৰৰ নিয়মিয়া ব্যৱহাৰক বিকশিত আৰু প্ৰয়োগ কৰা, সন্মিলন আৰু অন্য প্ৰাসংগিক আন্তঃৰাষ্ট্ৰীয় দায়িত্ব সমূহৰ অনুৰূপ, ৰাষ্ট্ৰীয় সামাজিক আৰ্থিক স্থিতিক গ্ৰহণ কৰা হৈছে।

    লক্ষ্য-৪

    ২০২০ লৈকে নব্য ৰূপত, সকলো স্তৰত চৰকাৰ, ব্যৱসায় আৰু হিতাধিকাৰী সকলে নিয়মিত উৎপাদন আৰু প্ৰয়োগৰ কাৰণে আঁচনি সমূহ ৰূপায়ন কৰিবৰ কাৰণে পদক্ষেপ লৈছে আৰু সুৰক্ষিত পৰিস্থিতিতান্ত্ৰিক সীমাৰ ভিতৰত প্ৰাকৃতিক সংশাধনৰ ব্যৱহাৰৰ প্ৰভাৱক ধৰি ৰাখিছে।

    কৌশলগত লক্ষ্য খ : জৈৱবৈচিত্ৰৰ ওপৰৰ প্ৰত্যক্ষ হেঁছা হ্ৰাস কৰা আৰু নিয়মিত ব্যৱহাৰক উৎসাহিত কৰা।

    লক্ষ্য-৫

    ২০২০ লৈকে অৰণ্য সমূহৰ সৈতে সকলো প্ৰাকৃতিক বাসস্থানৰ ক্ষতিৰ হাৰ প্ৰায় আধা হৈছে আৰু যত সম্ভৱ শূণ্যৰ ঘৰলৈ অনা হৈছে।

    লক্ষ্য-৬

    ন্যায়িক ভাৱে আৰু পৰিস্থিতিতন্ত্ৰ ভিত্তিত দৃষ্টিকোণ প্ৰয়োগ কৰি ২০২০ লৈকে সকলো মাছ আৰু অপৰিৱৰ্তনীয় ষ্টক আৰু জলাহ উদ্ভিদক প্ৰৱন্ধিত আৰু স্থায়ী ৰূপত কটা হ`ব যাতে অতিৰিক্ত মাছ ধৰাটো পৰিহাৰ কৰিব পাৰি। সকলো বিলুপ্ত প্ৰজাতিৰ কাৰণে পুনৰুদ্ধাৰ আঁচনি আৰু উপায় সমূহৰ স্থান আছে। বিপদশংকুল প্ৰজাতি সমূহ আৰু দুৰ্বল পৰিস্থিতিতন্ত্ৰৰ ওপৰত কোনো মহত্ব পুৰ্ণ প্ৰতিকুল প্ৰভাৱ নপৰে আৰু ষ্টক প্ৰজাতি সমূহ আৰু পৰিস্থিতি তন্ত্ৰৰ ওপৰত মীন পালনৰ অভাৱ পৰিস্থিতিতান্ত্ৰিক সীমাৰ ভিতৰত আছে।

    লক্ষ্য-৭

    জৈৱবৈচিত্ৰৰ সংৰক্ষণক সুনিশ্চিত কৰিবৰ কাৰণে ২০২০ লৈকে কৃষি, জলজ পালন আৰু বনাঞ্চলক স্থায়ী ৰূপত প্ৰৱন্ধিত কৰা হ`ব।

    লক্ষ্য-৮

    ২০২০ লৈকে অতিৰিক্ত পোষক তত্বৰ সৈতে প্ৰদূষণক এনেকুৱা স্তৰলৈ লৈ যোৱা হ`ব যি পৰিস্থিতিতন্ত্ৰ আৰু জৈৱবৈচিত্ৰৰ কাৰণে হানিকাৰক নহ`ব।

    লক্ষ্য-৯

    ২০২০ লৈকে আক্ৰমণাত্মক বিদেশী প্ৰজাতি সমূহ আৰু মাৰ্গ সমূহ চিনাক্ত কৰা হ`ব আৰু অগ্ৰাধিকাৰ দিয়া হ`ব। অগ্ৰাধিকাৰ প্ৰজাতি সমূহ নিয়ন্ত্ৰিত আৰু নিৰ্মূল কৰা হ`ব আৰু সিহঁতৰ পৰিচয় আৰু প্ৰতিস্থাপনক প্ৰতিৰোধ কৰিবৰ কাৰণে মাৰ্গসমূহৰ প্ৰৱন্ধন কৰিবৰ কাৰণে উপায় সমূহক যথাস্থানত ৰখা হ`ব।

    লক্ষ্য-১০

    ২০১৫ লৈকে, প্ৰৱাল প্ৰাচীৰৰ একাধিক নৃতাত্বিক চাপ আৰু জলবায়ু পৰিৱৰ্তন বা মহাসাগৰৰ অম্লীকৰণৰ দ্বাৰা প্ৰভাৱিত অন্যান্য বিপদশংকুল পৰিস্থিতিতন্ত্ৰক কমাই অনা যায় যাতে সিহঁতৰ একতা আৰু কাৰ্য্যকৰীতা বৰ্তী থাকে।

    কৌশলগত লক্ষ্য গ : পৰিস্থিতিতন্ত্ৰ আৰু প্ৰজাতি সমূহ আৰু অনুবংশিক বৈচিত্ৰতাৰ সুৰক্ষা প্ৰদান কৰি জৈৱবৈচিত্ৰৰ স্থিতি উন্নত কৰা।

    লক্ষ্য-১১

    ২০২০ লৈকে, ভূতাত্বিক আৰু অভ্যন্তৰীণ জলৰ কমপক্ষেও ১৭ শতাংশ আৰু উপকূলীয় আৰু সামুদ্ৰীক এলাকাৰ ১০ শতাংশ বিশেষকৈ জৈৱবৈচিত্ৰৰ আৰু পৰিস্থিতন্ত্ৰৰ বিশেষ ক্ষেত্ৰসমূহৰ কাৰ্য্যকৰীভাৱে আৰু ন্যায়সঙ্গতভাৱে পৰিচালিত, পৰিৱেশগত প্ৰতিনিধি আৰু ভাল সংযুক্ত ব্যৱস্থাৰ মাধ্যমত সংৰক্ষিত, সুৰক্ষিত এলাকা আৰু অন্যান্য কাৰ্য্যকৰী এলাকা ভিত্তিক সংৰক্ষণ ব্যৱস্থা আৰু বৃহত্তৰ লেণ্ডস্কেপ আৰু চিস্কেপ সমূহৰ লগত একত্ৰিত কৰা।

    লক্ষ্য-১২

    ২০২০ লৈকে ভাবুকি গ্ৰস্ত প্ৰজাতি সমূহৰ বিলুপ্তি ৰোধ কৰা হৈছে আৰু সেইসমূহৰ সংৰক্ষণৰ কাৰণে বিশেষ কৈ যি সমূহ বিপৰ্য্যয়ৰ মাজত আছে সেইসমূহৰ উন্নতি আৰু সুদূহ কৰা।

    লক্ষ্য-১৩

    ২০২০ লৈকে কৃষিজাত উদ্ভিদৰ জিনগত বৈচিত্ৰ আৰু কৃষি আৰু গৃহপালিত পশু আৰু অন্যান্য সামাজিক-অৰ্থনৈতিক আৰু সংস্কৃতিকভাৱে মূল্যৱান প্ৰজাতিসমূহ সহ বন্য প্ৰজাতিসমূহৰ ৰক্ষণাবেক্ষণ কৰা হ`ব আৰু জেনেটিক ক্ষয় ক্ষতি কমাই সেইসমূহৰ জিনগত বৈচিত্ৰ ৰক্ষা কৰাৰ কাৰণে কৌশল প্ৰৱৰ্তিত আৰু প্ৰয়োগ কৰা হ`ব।

    কৌশলগত লক্ষ্য ঘ : জৈৱবৈচিত্ৰৰ আৰু পৰিস্থিতন্ত্ৰৰ পৰিসৰৰ সুবিধাসমূহৰ উন্নত কৰণ

    লক্ষ্য-১৪

    ২০২০ লৈকে, পৰিস্থিতিন্ত্ৰ যিয়ে জল সম্পৰ্কিত সেৱাসমূহক অন্তৰ্ভূক্ত কৰি আৱশ্যকীয় সেৱাসমূহ প্ৰদান কৰে আৰু স্বাস্থ্য জীৱিকা আৰু কল্যাণৰ কাৰণে অৱদান আগবঢ়াই নাৰী, আদিবাসী আৰু স্থানীয় সম্প্ৰদায় সমূহক আৰু দৰিদ্ৰ তথা দুৰ্বল শ্ৰেণীক পুনৰ সংস্থাপন তথা সুৰক্ষা প্ৰদান কৰে।

    লক্ষ্য-১৫

    ২০২০ লৈকে, পৰিস্থিতন্ত্ৰৰ স্থিতিশীলতা আৰু কাৰ্বন ষ্টক সমূহত জৈৱবৈচিত্ৰতাৰ আবদালক উন্নত কৰা হ`ব, সংৰক্ষণ আৰু পুনৰ নিৰ্মাণ মাধ্যমত, কমপক্ষেও ১৫ শতাংশ অৱনতিশীল পৰিস্থিতন্ত্ৰৰ পুনৰ নিৰ্মাণ সহ, জলবায়ু পৰিবৰ্তন শোধন আৰু অভিযোজন আৰু মৰুকৰণৰ লগত মোকাবিলা কৰাৰ কাৰণে প্ৰস্তুতি।

    লক্ষ্য-১৬

    ২০১৫ লৈকে, জেনেটিক সংসাধন সমূহৰৰ উপলব্ধতাৰ ওপৰত নাগোয়া প্ৰ`ট`কল আৰু ইয়াৰ ব্যৱহাৰৰ পৰা প্ৰাপ্ত সুনিৰ্দিষ্ট আৰু সুসংগঠিত সুবিধাসমূহ ভাগ কৰা আৰু কাৰ্য্যকৰী কৰা জাতীয় আইন অনুযায়ী।

    কৌশলগত লক্ষ্য ঙ : অংশগ্ৰহণমূলক পৰিকল্পনা, জ্ঞান ব্যৱস্থাপনা আৰু ক্ষমতা নিৰ্মাণৰ মাধ্যমেৰে কাৰ্য্যোন্নয়নৰ বৃদ্ধি

    লক্ষ্য-১৭

    ২০১৫ লৈকে সকলো পাৰ্টিয়ে এখন কাৰ্য্যক্ষম পলিচি বিকশিত কৰিব আৰু এটা কাৰ্য্যকৰ, অংশগ্ৰহণমূলক আৰু উন্নিত জাতীয় জৈৱবৈচিত্ৰৰ কৌশল আৰু কৰ্ম পৰিকল্পনাৰ বাস্তবায়ন আৰম্ভ কৰিব।

    লক্ষ্য-১৮

    ২০২০ লৈকে, সমস্ত প্ৰসঙ্গিক স্তৰতে জৈৱবৈচিত্ৰৰ সংৰক্ষণ আৰু সেইসমূহৰ ব্যৱহাৰৰ কাৰণে আদিবাসী আৰু স্থানীয় সম্প্ৰদায়ৰ ঐতিহ্যগত জ্ঞান, উদ্ভাৱন আৰু চৰ্চা আৰু জৈব সম্পদসমূহৰ প্ৰথাগত ব্যৱহাৰ জাতীয় আইন আৰু প্ৰসঙ্গিক অন্তৰ্জাতিক দায়বদ্ধতা আৰু সম্পূৰ্ণ সমন্বিত আৰু প্ৰতিফলিত আদিবাসী আৰু স্থানীয় সম্প্ৰদায়ৰ পূৰ্ণ কাৰ্য্যকৰী অংশগ্ৰহণ।

    লক্ষ্য-১৯

    ২০২০ লৈকে,জ্ঞান, বিজ্ঞান ভিত্তিক আৰু,জৈৱবৈচিত্ৰৰ লগত জড়িত প্ৰযুক্তিসমূহ,ইয়াৰ মূল্য, কাৰ্য্যকৰীতা ,স্থিতি আৰু ধাৰা আৰু ইয়াৰ ক্ষতিৰ পৰিণতিসমূহ উন্নত ব্যপকভাৱে সমবিতৰণ আৰু স্থানান্তৰিত আৰু প্ৰয়োগ কৰা হ`ব।

    লক্ষ্য-২০

    ২০২০ লৈকে, সকলো উৎসৰ পৰা জৈৱবৈচিত্ৰৰ ২০১২-২০২০ ৰ কৌশলগত পৰিকল্পনা কাৰ্য্যকৰীভাবে বাস্তবায়িত কৰাৰ কাৰণে আৰ্থিক সম্পদসমূহৰ সঞ্চালন আৰু ৰিসোৰ্চ মোবিলাইজেশনৰ কৌশলত একত্ৰীকৃত আৰু সন্মতিপ্ৰাপ্ত প্ৰক্ৰিয়া অনুযায়ী বৰ্তমানৰ পৰা যথেষ্ট পৰিমাণে বৃদ্ধি কৰা। এই লক্ষ্যসমূহ পাৰ্টিসমূহৰ দ্বাৰা বিকশিত আৰু প্ৰতিবেদন কাৰাৰ কাৰণে জন সম্পদৰ চাহিদাৰ মূল্যায়নৰ পৰিবৰ্তনৰ লগত সম্পৰ্কিত হ`ব।

     

    অধিক বিৱৰণৰ কাৰণে :- https://www.cbd.int/sp/targets/