মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

জৈৱবৈচিত্ৰৰ ওপৰত সন্মিলন (চি বি ডি)

  • ৫ জুন, ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ` ডি জেনেৰিঅ`ত অনুষ্ঠিত হোৱা পৃথিৱী সন্মিলনত জৈৱবৈচিত্ৰৰ ওপৰত হোৱা সন্মিলনত (চি বি ডি) ৰাষ্ট্ৰসমূহৰ লগত আলোচনা আৰু স্বাক্ষৰ গ্ৰহণ কৰা হৈছিল। ডিচেম্বৰ ২৯, ১৯৯৩ চনত এই সন্মিলনখন কাৰ্য্যকৰী হৈছিল। ফ্ৰেব্ৰুৱাৰী ১৮, ১৯৯৪ চনত ভাৰত এই সন্মিলনৰ এটা দল হিছাবে অন্তৰ্ভূক্ত হয়। বৰ্তমান সময়ত এই সন্মিলনত ১৯৬ টা দল আছে।

    এই সন্মিলনৰ তিনিটা মূখ্য উদ্দেশ্য হ`ল জৈৱবৈচিত্ৰৰ সংৰক্ষণ, সম্পদ সমূহৰ অনুকূল ভাৱে বৰ্তী থকা ব্যৱহাৰ আৰু এই সম্পদ সমূহৰ ব্যৱহাৰ আৰু সহযোগী পাৰম্পৰিক জ্ঞান সমূহৰ পৰা উৎপন্ন হোৱা লাভৰ ন্যায়সংগত সমবিতৰণ।

    এই সন্মিলনৰ অধীনৰ দুটা প্ৰ`ট`কল হ`ল : কাৰ্টাজিনা প্ৰ`ট`কল আৰু নাগ`য়া প্ৰ`ট`কল।

    অধিক বিৱৰণৰ বাবে: https://www.cbd.int/