সংৰক্ষিত এলেকা নেটৱৰ্কে অসমৰ ৩৯২৫ বৰ্গ কি: মি: এলেকা দখল কৰি আছে আৰু ৰাজ্যৰ ভৌগোলিক এলেকাৰ প্ৰায় ৫ % গঠন কৰিছে। পি এ এনে ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৭ খন বন্যপ্ৰাণী অভয়াৰণ্যৰ লগে লগে ৩ খন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য, ৪ খন ব্ৰাঘ্য সংৰক্ষিত এলেকা, ৫ খন হস্তী সংৰক্ষিত এলেকা, ২ খন জৈৱমণ্ডল সুৰক্ষিত এলাকা আৰু ২ খন বিশ্ব প্ৰাকৃতিক সম্পদ স্থলক অন্তৰ্ভূক্ত কৰিছে আৰু এই সমূহে জৈৱ বৈচিত্ৰতাৰ ইনচিতু কনজাৰ্ভেচনত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোনো পৰিচয়ৰ আৱশ্যক নাই আৰু এই খন বাস্তৱতঃ মহান ভাৰতীয় এশিঙীয়া গঁড়ৰ আবাস গৃহ। ইয়াৰ বাহিৰেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয় ম`হ, দল হৰিণা, সুগৰি পহু, শৰ পহু, হাতী, বাঘ আৰু নাহৰ ফুটুকী বাঘো পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল আবাদীত ৩৫ টা প্ৰজাতিৰ স্তন্যপায়ী, ৪২ টা প্ৰজাতিৰ মাছ আৰু উলুম`ৰা সহ ২৫৪ টা প্ৰজাতিৰ চৰাই আছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন ``বিশ্ব ঐতিহ্য স্থল`` আৰু ``ব্ৰাঘ্য ৰিজাৰ্ভৰ মাজৰো এখন।
মানস ৰাষ্ট্ৰীয় উদ্যানো এখন জৈৱমণ্ডল ৰিজাৰ্ভ আৰু হিমালয়ৰ পাদদেশৰ সৈতে এক সুবিশাল ৰৈখিক বেল্ট গঠন কৰে। উদ্ভিদকুল বৈচিত্ৰতাই ৫৪৩ টা উদ্ভিদ প্ৰজাতিক অন্তৰ্ভূক্ত কৰে। ৬০ টা স্তন্যপায়ী প্ৰজাতি, ৪২ টা সৰীসৃপ প্ৰজাতি, ৭ টা উভচৰ প্ৰাণী প্ৰজাতি, ৫ টা মাছ প্ৰজাতি, ১০৩ টা অমেৰুদণ্ডী প্ৰজাতি আৰু ৩২৭ টা পক্ষী প্ৰজাতিয়ে জীৱকুল বৈচিত্ৰতাক প্ৰতিনিধিত্ব কৰে। মানসত গঁড়ক পুনৰ পৰিচিত কৰিবৰ কাৰণে পবিতৰা আৰু মানসৰ পৰা গঁড়সমূহৰ স্থানান্তৰ কৰি থকা হৈছে।
ডিব্ৰু ছৈখোৱা জৈৱমণ্ডল ৰিজাৰ্ভত ডিব্ৰুছৈখোৱা বন্য প্ৰাণী অভয়াৰণ্য জড়িত হৈ আছে আৰু জৈৱ ভৌগোলিক ৰূপত ভাৰতীয় আৰু মালবিয়ান উপ-ক্ষেত্ৰ উভয়ৰে গুণ প্ৰদৰ্শন কৰে। ই নদী কাষৰীয়া আৰু তৃণভূমি বাসস্থানৰ লগে লগে পৰ্ণপাতী অৰণ্য আৰু সেমেকা চিৰহৰিৎ অৰণ্যৰ উদ্ভিদকুলৰ মাজত কিছু সংখ্যক ``ইক`টন`ৰে গঠিত। এই জৈৱ মণ্ডলিক ৰিজাৰ্ভ দেও হাঁহ, হলৌ বান্দৰ, বনৰীয়া ম`হ, কাছৰ বহুতো প্ৰজাতি, শিহু, মহা শ`ল আদিকে অন্তৰ্ভূক্ত কৰি বহুতো, মহত্বপূৰ্ণ জীৱকুল প্ৰজাতিৰ আবাস ভূমি। নথিভূক্ত জীৱ-জন্তু জনসংখ্যাত ৩ টা উভচৰ প্ৰজাতি, ২২ টা সৰীসৃপ প্ৰজাতি, ২৫টা পক্ষী প্ৰজাতি, ২৫ টা স্তন্যপায়ী প্ৰজাতি, ৬২ টা মাছ প্ৰজাতি আদি অন্তৰ্ভূক্ত হৈ আছে। এই জৈৱ মাণ্ডলিক ৰিজাৰ্ভ কিছু সংখ্যক জংঘলী ঘোঁৰাৰো আবাস ভূমি।
শগুণৰ গোলকীয় আবাদীৰ হ্ৰাসৰ পৰিপ্ৰেক্ষিপ্তত বি এন এইচ এছ, ব`ম্বেৰ সহযোগত অসম চৰকাৰে ৰাণীত এটা শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল। জংঘলত এৰি দিয়াৰ অন্তিম লক্ষ্যৰে সৈতে প্ৰজননৰ কাৰণে ৫০ যোৰ শগুণ ৰখাটো এই প্ৰকল্পৰ উদ্দেশ্য।
হাতী :
২০০২ | ৫২৪৬ |
২০০৭ | ৫২৮১ |
২০১১ | ৫৬২০ |
গঁড় :
১৯৯৯ | ১৬৭২ |
২০০৬ | ২০০৬ |
২০০৯ | ২২০১ |
২০১২ | ২৫০৫ |
বাঘ :
২০০৬ | ৭০ |
২০১০ | ১৪৩ |