মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

ভৌগোলিক বৈশিষ

অসম, পূৰ্ব হিমালয়ৰ পাদদেশত অৱস্থিত, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্য আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ মধ্যবৰ্তী অংশত অৱস্থিত। ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ ২.৪% ৰাজ্য খনে অধিকাৰ কৰি আছে আৰু ইয়াৰে ব্ৰহ্মপুত্ৰ উপত্যকা ৭০,৬৩৪ বৰ্গ কিলোমিটাৰ এলেকাৰ ৫,৮০,০০০ বৰ্গ কিলোমিটাৰ এলেকা অসমত। এই ভূ খণ্ড অসমান স্থলভাগ, পাহাৰ, ভৈয়াম আৰু নদ-নদীৰে পৰিপূৰ্ণ। এই ৰাজ্য খন পূৰ্বে আৰুণাচল প্ৰদেশ, পশ্চিমে পশ্চিমবঙ্গ, মেঘালয়, বাংলাদেশ, উত্তৰে অৰুণাচল প্ৰদেশ, ভূটান আৰু দক্ষিণে নাগালেণ্ড, মনিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা অৱস্থিত। ইয়াৰ দ্ৰাঘিমাংশ ৮৮.২৫ পূৱৰ পৰা ৯৬.০০ পূৱলৈ ব্যাপ্ত আৰু অক্ষাংশ ২৪.৫০ উত্তৰৰ পৰা ২৮.০০ উত্তৰলৈ ব্যাপ্ত আৰু তাপমাত্ৰা ৬০ ছেঃছিঃ ৰ পৰা ৩৮০ ছেঃছিঃ। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে কঢ়িয়াই অনা আৰ্দ্ৰতাৰ ফলত অসমত বছৰি গড় হিছাপত ১২০ ইঞ্চি বা ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু ইয়াৰ কাষৰীয় অঞ্চলত অধিক বৃষ্টিপাত হয়। এই মৌচুমী বায়ু অসমৰ জীৱন ৰেখা; যিয়ে এনেকুৱা এখন জৈৱবৈচিত্ৰতাৰ সৃষ্টি কৰে যাতে ই ভূমধ্যসাগৰীয় বৰ্ষাৰণ্য সমূহৰ লগত ফেৰ মাৰিব পাৰে (ৰাজ্যিক পৰিলেখ, স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰাণালয় ২০০৯)। অসমতলীয় ভূমিভাগ আৰু উষ্ঞ আৰু আৰ্দ্ৰ জলবায়ু সমূহ উদ্ভিদ আৰু বনস্পতিৰ বিকাশৰ কাৰণে অনুকূল। অসম ৫১ খন আৰু উপ-বনৰ আবাসভূমি আৰু বিভিন্ন ধৰণৰ উদ্ভিদৰ সমন্বয়(অসম মানৱ উন্নয়ন প্ৰতিবেদন ২০০৩)।

ব্ৰহ্মপুত্ৰ নদ পূৰ্বৰ পৰা পশ্চিমে অসমৰ মাজেৰে প্ৰায় ৬৫০ কিলোমিটাৰ দৈৰ্ঘ্যতাৰে প্ৰৱাহমান। ইয়াৰ প্ৰধান শাখা তিব্বত মালভূমিত উৎপন্ন হৈ ছাংপো নদী নামেৰে পশ্চিমৰ পৰা পূৱলৈ বৈ আহিছে আৰু তাৰ পিছত দক্ষিণপাকে ঘূৰি দিহাং নদী নামলৈ পূৰ্ব হিমালয়ৰ পৰা অসমৰ প্ৰৱেশ কৰিছে য`ত ই অন্য শাখা সমূহৰ লগত লগ লাগি ব্ৰহ্মপুত্ৰ গঠন কৰিছে। বৰাক নদী ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ পৰা প্ৰায় ২৩০০ মিটাৰ উচ্চতাৰ পৰা নামি আহিছে আৰু মণিপুৰ ৰাজ্যৰ মণিপুৰ পাহাৰৰ মাজেৰে বৈ আহিছে আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৪০০ কিলোমিটাৰ। তাৰ পিছত ই ক্ৰমান্নয়ে অসমৰ কাচাৰ ভৈয়াম অঞ্চলৰ মাজেদি লক্ষীপুৰৰ পৰা পশ্চিমলৈ ১৩০ বৈ গৈ বাংলাদেশৰ কাষৰ ভাঙাত প্ৰৱেশ কৰিছে (এন এইচ চি,বেকগ্ৰাউণ্ড পেপাৰ, ২০০৬)। প্ৰত্যেকটো বাৰিষাকালত, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নদী সমূহে পূৰণা সুঁতি সমূহ ত্যাগ কৰে নতুন সুঁতিৰ সৃষ্টি কৰিবলৈ। যেতিয়া পানী কমি যায়, তেতিয়া ই পলস সমূহ এৰি থৈ যায়, বালিৰ দ্বীপ সৃষ্টি হয়। ইয়াৰ কিছুমান দ্বীপ বহুত ডাঙৰ হয় আৰু বছৰি এই সমৃদ্ধিশালী মাটিয়ে কৃষি আৰু অৰ্ধ স্থায়ী বসতিক আকৃষ্ট কৰে। ইয়াৰ এটা সুকীয়া বৰ্ষা ঋতু আছে য`ত বাৰ্ষিক বৃৰ্ষ্টিপাতৰ এক বিশাল অংশ কেন্দ্ৰীভূত হয়।