শ্ৰী বিনোদ কুমাৰ পিপাৰচেনিয়া, অসম-মেঘালয় কেদাৰৰ ১৯৮০ চামৰ এজন আই এ এছ বিষয়া। তেওঁ ইংৰাজী বিষয়ত স্নাতকোত্তৰ। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে ধুবুৰী জিলাত সহকাৰী আয়ুক্ত হিছাবে দায়িত্ব পালন কৰিছিল।
তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় যেনে গৃহ, উদ্যোগ, মানৱ সম্পদ উন্নয়ন আদি বিভাগতো কাম কৰিছিল। তেওঁ বৰ্তমানৰ পদবী অসম চৰকাৰৰ মূখ্য সচিব হিছাবে যোগ দান কৰাৰ আগতে অতিৰিক্ত মূখ্য সচিব হিছাবে (কৃষি, জলসিঞ্চন, পি ডব্লিউ ডি) দায়িত্ব পালন কৰিছিল।
কৰ্মজীৱনৰ পৰিলেখ : লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ, ১৯৮৬ চনত ভাৰতীয় বন সেৱাত যোগদান কৰাৰ আগতে ৰাষ্ট্ৰীয় উদ্ভিদ বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানত প্লাণ্ট ভাইৰাচ হিছাবে কৰ্মৰত আছিল। `বন আৰু জলবায়ু পৰিবৰ্তন`ৰ ওপৰত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ দ্বাৰা এম ফিলেৰে সন্মানিত। জন প্ৰশাসনৰ ওপৰত স্মাতকোত্তৰ ডিপ্ল`মা ধাৰী। এডিনবাৰ্গ বিশ্ববিদ্যালয়ত প্ৰশিক্ষণাৰ্থী হিছাবে কলম্বো প্লেনৰ অধিনত প্ৰশিক্ষিত আৰু ৱলৱাৰ্হম্পটন ইউ কে বিশ্ববিদ্যালয়ৰ পৰা অংশগ্ৰহণমূলক আঁচনিত ঐচ্চিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। অসম বন বিভাগৰ সৈতে গুৰুত্ব পূৰ্ণ কাৰ্য্য কৰাৰ উপৰিও ভাৰত চৰকাৰৰ বনাঞ্চলৰ ফেকাল্টী, পৰিবেশ ও বন মন্ত্ৰণালয়ৰ সঞ্চালক হিছাবে আৰু বনাঞ্চল গৱেষণা ও প্ৰশিক্ষণ ও বন উৎপাদকৰ ডি আই জি হিছাবে সেৱা আগবঢ়াইছিল। বন ও জলবায়ু পৰিবৰ্তন, আক্ৰমণাত্মক প্ৰজাতি নেটৱৰ্ক আৰু বাঁহ আৰু বেতৰ ওপৰত অন্তৰ্জাতিক কেন্দ্ৰবিন্দু হিছাবে মনোনীত। বৰ্তমান বন(জৈৱবৈচিত্ৰ ও জলবায়ু পৰিবৰ্তন),অসমৰ প্ৰধান মূখ্য সংৰক্ষক হিছাবে কৰ্তব্যৰত হৈ আছে। ভৰতীয় বন সেৱা বিষয়া ড. ৰঞ্জনা গুপ্তাৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ পুত্ৰ ফিনান্স মেনেজমেণ্ট কম্পেনীত কৰ্মৰত।
কৰ্মজীৱনৰ পৰিলেখ : (অৱসৰ প্ৰাপ্ত) অধ্যাপক ও প্ৰাণীবিদ্যা বিভাগৰ প্ৰধান, গুৱাহাটী বিশ্ববিদ্যালয় বান্দৰ গৱেষণা কেদ্ৰৰ উপ-সভাপতি। সদস্য: আই ইউ চি এম প্ৰাইমেট, আন্তঃৰাষ্ট্ৰীয় পক্ষীবিজ্ঞান কংগ্ৰেছ (আই ও চি)ৰ; কাৰ্য্যনিৰ্বাহক পৰিষদ-এ এছ টি ই চি, গৱেষণা উপদেষ্টা পৰিষদ, বন বিভাগ; পি এ এচ-জি ও আই- এম ও ই এফৰ এম ই ই ৰ বিশেষজ্ঞ সমিতি; কাৰ্য্যকৰী ট্ৰাষ্টি-ডব্লিউ টি আই; টি আৰ এ চি ৰ সদস্য ( প্ৰশিক্ষণ গৱেষণা আৰু অধ্যয়ন বিযয়ক পৰিষদ) ডব্লিউ আই আই, টি পি চি জি (প্ৰযুক্তিগত আৰু নীতি ক`ৰ গ্ৰুপ)-জাতীয় জৈৱবৈচিত্ৰ কৌশল আৰু কৰ্ম পৰিকল্পনা ( এন বি চি এ পি) আৰু সমন্বয়কাৰী-উত্তৰ পূৰ্বাঞ্চল; কাৰ্য্যনিৰ্বাহক সংস্থা এচ এ চি ও এন, ৰাজ্য সমন্বয়কাৰী অন্তৰ্দেশীয় জলভূমি চাৰ্ভে-ইউ এন ডি পি –এছ এ চি ও এন; অধ্যক্ষ ২০- পি এইচ ডি ছাত্ৰ; ২০ টা গৱেষণা প্ৰকল্প সমাপ্ত; ৭০ বৈজ্ঞানিক কাগজপত্ৰ আৰু নোট প্ৰকাশিত।
উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ, অসম বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি সম্পন্ন। বৰ্তমান তেওঁ সহযোগী প্ৰবক্তা হিছাবে পৰিস্থিতি বিজ্ঞান আৰু পৰিবেশ বিজ্ঞান, অসম বিশ্ববিদ্যালয়ত সেৱা প্ৰদান কৰি আছে। তেওঁৰ গৱেষণামূলক গৱেষণা এথন`বোটানি, উদ্ভিদ শ্রেণীবিন্যাস, ঔষধি উদ্ভিদ, প্রাকৃতিক উৎপাদন, উচ্চতৰ উদ্ভিদ পৰিবেশবিজ্ঞান আৰু জৈৱবৈচিত্র সংৰক্ষণ। তেখেতৰ ১৫ বছৰ ধৰি গৱেষণা আৰু শিক্ষণৰ অভিজ্ঞতা আছে। ডঃ দাসে ৬৪ খনতকৈ বেছি গৱেষণা পত্র প্ৰকাশ কৰিছে সন্মানিত পত্ৰিকাত আৰু ৩ খন কিতাপৰ লেখক। তেখেতে অনুসন্ধানকাৰী হিছাবে তিনিটা ইউ জি চি স্পন্সৰ প্রকল্প সম্পন্ন কৰিছে। তেখেত সুপৰিচিত সমাজৰ আজীৱন সদস্য, উদাহৰণস্বৰূপে ছ`ছাইটি অফ এথন`বোটানিষ্ট, (লক্ষ্ণৌ), ফাইটো টেক্স`ন`মী, ভাৰতীয় উদ্ভিদ বিজ্ঞান কমিটি আৰু ভৰতীয় ফাৰ্ণ সমিতি (পাটিয়ালা), পূৰ্বজ জ্ঞানৰ গৱেষণা কেন্দ্র, বিজ্ঞান ও সংস্কৃতি (চি আৰ আই কে এছ চি)। ২০১৬ ত তেওঁ এছ কে জৈন মেডেল সন্মান গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেওঁ হাৰ্বাৰিয়াম / হাউছ নমুনা তৈয়াৰ কৰিছে আৰু "এথন`বোটানি আৰু অসম বিশ্ববিদ্যালয়ৰ পৰা ঔষধি উদ্ভিদ সংৰক্ষণ" শিৰোনামে এখন বিশেষ কাগজ প্ৰকাশ কৰিছে যি পৰিস্থিতি বিজ্ঞান আৰু পৰিবেশ বিজ্ঞানৰ লগত জড়িত।
সহযোগী অধ্যাপক আৰু এইচ ও ডি, প্ৰাণীবিজ্ঞান বিভাগ, সন্দিকৈ কন্যা মহাবিদ্যালয়, গুৱাহাটী।
প্ৰবক্তা আৰু এইচ ও ডি, জীৱন বিজ্ঞান বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ড. তালুকদাৰ এজন এম. এছ চি. প্ৰাণীবিজ্ঞান বিভাগৰ লগতে পশু পৰিস্থিতি বিজ্ঞান আৰু প্ৰাণীবজ্ঞান বিভাগৰ বিশেষজ্ঞ আৰু পি এইচ ডি.। বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত ১৯৮৯ ৰ পৰা কৰ্মৰত। তেওঁ ১৯৮৯ চনত অৰন্যকৰ প্ৰতিষ্ঠাতা আৰু বৰ্তমান মূৰ্খ্য কাৰ্য্যনিৰ্বাহক। তেখেত ২০০৮ চনৰ পৰা প্ৰকৃতিৰ সংৰক্ষণ বিষয়ক আন্তৰ্জাতিক ইউনিয়নৰ এচিয়ান ৰাইনো স্পেচিয়েলিষ্ট গ্ৰুপৰো সভাপতি (আই ইউ চি এম)।তেওঁ জুন ২০০৮ চনৰ পৰা অন্তৰ্জাতিক গঁড় প্ৰতিষ্ঠানৰ এচিয়াৰ সমন্বয়কাৰী। এচিয়ান গঁড় বিশেষজ্ঞ গোটৰ সদস্য হিছাবে তেওঁ চি আই টি ই এছৰ কাৰণে এচিয়ান গঁড় হৰ্ণ ট্ৰেড গ্লোবোল ষ্টাডি প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাৰণে দায়বদ্ধ।২০০৮-২০১০ লৈকে তেওঁ জাতীয় বন্যপ্ৰাণী ব`ৰ্ডৰ স্থায়ী সদস্য হিছাবে দায়িত্ব পালন কৰিছিল। তেখেত বৰ্তমান ৰাজ্যিক বন্যপ্ৰাণী ব`ৰ্ডৰ অসমৰো সদস্য। তেখেত আই ইউ চি এন/এছ এছ চিৰো সদস্য; পৰস্থিতিতন্ত্ৰ পৰিচালন আৰু আফ্ৰিকান গঁড় বিশেষজ্ঞ গোট আই ইউ চি এন আয়োগ। তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্মিথচোনিয়া প্ৰতিষ্ঠানে আগবঢ়োৱা ``জৈৱবৈচিত্ৰ মূল্যায়ন আৰু অনুকূল প্ৰৱন্ধন`` সূচক প্ৰশিক্ষণ কৰ্মসূচী মে ১৪ ৰ পৰা ১৬ জুন ২০০০ চনলৈ স্মিথচোনিয়া সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰ, ফ্ৰণ্ট ৰয়েল ভাৰ্জিনিয়াত সম্পন্ন কৰে। তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত ৬০ টাতকৈ বেছি বৈজ্ঞানিক প্ৰতিবেদন প্ৰকাশ কৰিছে।