মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

কৰ্মচাৰী

১. ড. ঐনাম সুনন্দা দেৱী : বৈজ্ঞানিক বিষয়া

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ আৰু জৈৱবৈচিত্ৰ ও বন্যপ্ৰাণী জীৱবিজ্ঞান বিশেষত্ব সহ স্নাতকোত্তৰ। তেওঁ পূব অসমৰ ` বৈচিত্ৰতা আৰু পৰিস্থিতিতন্ত্ৰত ফলভোজী চৰাই`` বিষয়ত গৱেষক হিছাবে পি এইচ ডি সম্পন্ন কৰিছে। তেওঁ বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰত কাম কৰিছে বিশেষকৈ পক্ষী জীৱকূল ক্ষেত্ৰত আৰু স্থানীয় বাতৰি কাকতত ২৫ টাতকৈ বেছি জনপ্ৰিয় নিবন্ধ আৰু বিখ্যাত আলোচনী সমূহত ১১ টাতকৈ বেছি গৱেষণা পত্ৰিকা প্ৰকাশ কৰিছে। তেওঁ অৰিয়েণ্টেল বাৰ্ড ক্লাৱ, ইউ কে, এ টি আৰ ই ই, ফাউণ্ডেচন ফৰ ইক`ল`জিকেল ছ`ছাইটি আৰু ৰুইফৰ্ড স্মল গ্ৰাণ্ট ফাইণ্ডেচন, ইউ কে ৰ দ্বাৰা পৰিচালিত চাৰিটা গৱেষণা প্ৰকল্পও সম্পন্ন কৰিছে। তেওঁ বিভিন্ন জাতীয় ও আন্তৰ্জাতিক প্ৰশিক্ষণ ও জৈৱবৈচিত্ৰ সংৰক্ষণৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু জাতীয় স্তৰত গৱেষণা পত্ৰ সমূহ উপস্থাপন কৰিছে এছ চি চি এছ কেমব্ৰিজ সন্মিলনৰ নিচিনা অনুষ্ঠানত। ১৫ দিনীয়া বন্যপ্ৰানী শীৰ্ষক আন্তৰ্জাতিক প্ৰশিক্ষণ কাৰ্য্যসূচী ফ্ৰান্স ২০১৬, ইউ কে আৰু নিউয়ৰ্কত ২০১১ত সম্পন্ন কৰিছে।

২০১২ চনৰ মে মাহৰ পৰা ব`ৰ্ডৰ সহযোগীতাত বিভিন্ন হিতাধিকাৰী সমূহৰ সচেতনতা সৃষ্টি, জৈৱবৈচিত্ৰতা ব্যৱস্থাপনা কমিটি গঠন, জনসমাজৰ জৈৱবৈচিত্ৰতা পঞ্জীয়ন প্ৰস্তুতি ইত্যাদিৰ মাধ্যমেদি জৈবিক বৈচিত্ৰতা আইন ২০০২ কাৰ্য্যকৰী কৰা সম্পৰ্কিত সকলো কাৰিকৰী কৌশলৰ লগত জড়িত। ইয়াৰ বাহিৰেও ব`ৰ্ডৰ বিভিন্ন কাৰ্য্যক্ৰমৰ ক্ষেত্ৰত আৰু গৱেষণা প্ৰকল্প সহ ঐতিহ্যগত জ্ঞান নথিভূক্তকৰণ আদিৰ লগত জড়িত। তেওঁ বুকলেট আৰু পুস্তিকা সহ ব`ৰ্ডৰ বিভিন্ন প্ৰকাশনৰ লগত জড়িত আৰু সম্প্ৰতি তেওঁ সহকাৰী ৰচনাকাৰ হিছাবে ``কমন স্পাইডাৰ ফ্ৰম অসম`` আৰু ভোজ্য জৈৱ-সম্পদ ও জীৱনধাৰা`` নামেৰে দুখন কিতাপৰ লগত জড়িত। তেওঁ জৈৱবৈচিত্ৰ গৱেষণা আৰু সহযোগী কাৰ্য্যসূচী আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ ইণ্টাৰ্ণশ্বিপ কাৰ্য্যকৰীৰ নিচিনা বিষয়ৰ সমন্বয়কাৰী।

২. ড. মজিদুল ইচলাম : প্ৰযুক্তিগত সহযোগী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত স্নাতকোত্তৰ জৈৱ পৰিস্থিতি বিজ্ঞান আৰু বন্য প্ৰাণী জীৱবিদ্যাৰ বিশেষজ্ঞতা সহ, জেঠী পৰিস্থিতি বিজ্ঞান আৰু শ্ৰেণীবিন্যাসত পি এইচ ডি সম্পন্ন কৰে। ২০১৫ চনৰ চেপ্তেম্বৰৰ পৰা গৱেষণা প্ৰকল্প, বি এম চি আৰু পি বি আৰ সংক্ৰান্তীয় কাম, টি এছ জি গঠন, বি আৰ এ পি আৰু ইণ্টাৰ্নশ্বিপ প্ৰগ্ৰেম আৰু প্ৰকাশন ইত্যাদি দায়িত্ব সহ ব`ৰ্ডক সহয়তা আগবঢ়ায়। সৰীসৃপ-সংক্ৰান্তীয় বিদ্যাৰ বাহিৰেও তেওঁ এজন পক্ষী প্ৰেমী। ডাৰউইন স্কলাৰশ্বিপৰ অধীনত `` জৈৱবৈচিত্ৰ নিৰীক্ষণ আৰু যোগাযোগ`` ৰ প্ৰশিক্ষণৰ কাৰণে ইউ কে পৰিভ্ৰমণ। জিচুৱেংবানা গ্ৰীষ্মপ্ৰধান বনস্পতি উদ্যান, চিনা একাডেমী অফ চায়েঞ্চ, চীন আৰু ইন্দোনেশিয়াত এটা প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ। তেওঁ আন্তৰ্জাতিক সন্মিলনসমূহত তেওঁৰ গৱেষণা আৰু সংৰক্ষণৰ ফলাফল সমূহ উপস্থাপন কৰিছে। তেখেতে বিখ্যাত আলোচনী সমূহত তিনিখন গৱেষণাপত্ৰ আৰু নিবন্ধ প্ৰকাশ কৰিছে বিভিন্ন কিতাপ আৰু আলোচনীত।

৩. শ্ৰীমতী বিনিতা ডাহাল : বৈজ্ঞানিক সহায়ক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতক, তেজপুৰ বিশ্ববিদ্যালয়ৰ আৰু ইগন`ৰ পৰা পৰ্যটন পৰিচালনাত ডিপ্লোমা আৰু স্নাতকোত্তৰ সম্পন্ন কৰে। ২০১২ চনৰ জানুৱাৰীৰ পৰা ব`ৰ্ডক সহায়তা কৰাৰ উপৰিও ৰাজ্যত জৈৱবৈচিত্ৰ আইন ২০০২ ৰূপায়ণ কৰাৰ কাৰণে জৈৱবৈচিত্ৰ ব্যৱস্থাপনা কমিটিৰ লগত সমন্বয় আৰু নিৰীক্ষণ (বি এম চি), জনগণৰ জৈৱবৈচিত্ৰতা পঞ্জীয়ন প্ৰস্তুতি (পি বি আৰ), প্ৰযুক্তিগত সহায়তাৰ গ্ৰুপ গঠন (টি চি জি), আৰু বিভিন্ন হিতাধিকাৰী আৰু ৱেবচাইট পৰিচালনা জৰিয়তে সচেতনতা সৃষ্টিত জড়িত।

৪. শ্ৰীমতী দেৱলীনা দে : কাৰিকৰী সহায়ক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এঞ্জিওস্পাৰ্ম শ্ৰেণীবিন্যাস বিশেষত্ব সহ উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ। ২০১৫ চনৰ পৰা ব`ৰ্ডক দক্ষিণ অসম ৰাজহৰ অধীনত থকা বি এম চি সমূহৰ সমন্বয়সাধনৰ দায়িত্ব পালন (এছ এ চি) আৰু টি এইচ এ চি, পি বি আৰ প্ৰস্তুতকৰণ, বি আৰ এ পি আৰু ইণ্টাৰ্নশ্বিপ প্ৰগ্ৰাম আৰু প্ৰকাশন ইত্যাদিত সহায়তা প্ৰদান কৰি আহিছে। তেখেতৰ গৱেষণা উদ্ভিদৰ শ্ৰেণীবিন্যাস আৰু ফুলবিদ্যা (বিশেষত্ব ব্ৰাইফ্ৰাইটছ আৰু টিৰিডফ্ৰইটছ)। তেওঁ এগৰাকী ব্যঙ্গচিত্ৰকৰো।

৫. শ্ৰীমতী মানসী গোস্বামী : কাৰিকৰী সহায়ক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান আৰু বন্যপ্ৰাণী জীববিজ্ঞান বিভাগত স্নাতকোত্তৰ। বৰ্তমান অসম বিশ্ববিদ্যালয়, শিলচৰ (ডিফু পৰিসৰ)ৰ জীৱন বিজ্ঞান আৰু জৈৱ সূচনা বিভাগৰ এজন বিদ্যাৰ্থী গৱেষক। ২০১৬ চনৰ মে মাহৰ পৰা ব`ৰ্ডক দায়িত্বসহকাৰে যেনে জৈৱবৈচিত্ৰতা ব্যৱস্থাপনা কমিটিৰ সমন্বয় আৰু পূৰ্ব অসম চক্ৰৰ পি বি আৰ আৰু কে এ এ চি, বি আৰ এ পি আৰু ইণ্টাৰ্নশ্বিপ প্ৰগ্ৰাম আৰু প্ৰকাশন ইত্যাদিত সহায়তা প্ৰদান কৰি আহিছে। অসমৰ কাৰ্বিআংলং জিলাৰ জীৱকুলৰ বৈচিত্ৰ আৰু বৰ্গীকৰণৰ ওপৰত কাম কৰি আছে।

৬. শ্ৰী নয়ন জ্যোতি বৰ্মন : কাৰিকৰী সহায়ক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান আৰু বন্যপ্ৰাণী জীৱবিজ্ঞান বিভাগত স্নাতকোত্তৰ। ২০১৬ চনৰ মে মাহৰ পৰা ব`ৰ্ডক দায়িত্বসহকাৰে যেনে জৈৱবৈচিত্ৰতা ব্যৱস্থাপনা কমিটিৰ সমন্বয় আৰু পূৰ্ব অসম চক্ৰৰ পি বি আৰ আৰু বি টি এ ডি, বি আৰ এ পি আৰু ইণ্টাৰ্নশ্বিপ প্ৰগ্ৰাম আৰু প্ৰকাশন ইত্যাদিত সহায়তা প্ৰদান কৰি আহিছে। তেওঁ ``বিদ্যমান কীট-পতংগীয় সম্পদ/তথ্যৰ পৰা অসমৰ কীট-পতংগ জীৱকুলৰ আৱিষ্কৰণ আৰু নথিভূক্তকৰণ`` বিষয়ত ব`ৰ্ডক সহায়তা প্ৰদান কৰি আহিছে। তেখেতৰ আগ্ৰহৰ বিষয় হ`ল বিশেযকৈ কীট পতংগৰ বাহিৰে স্তন্যপায়ী।

৭. শ্ৰী সঞ্জয় কুমাৰ শৰ্মা : কনিষ্ঠ গানণিক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আইডলৰ পৰা বাণিজ্য বিষয়ত স্নাতকোত্তৰ হিছাবৰক্ষক বিষয়ত বিশেষজ্ঞতা সহ, পি জি ডি এম সম্পূৰ্ণ ইগনৰ পৰা। এপ্ৰিল ২০১২ ৰ পৰা মে ২০১৪ লৈকে ব`ৰ্ডক সহায়তা প্ৰদান কৰে আৰু জুন ২০১৬ চনত ব`ৰ্ডত পুনৰাই যোগদান কৰে আৰু সমস্ত হিছাব সম্পৰ্কিত কাম, অডিট আৰু ব`ৰ্ডৰ অন্যান্য কাৰিকৰী বিষয়াদি পৰ্য্যবেক্ষণৰ দায়িত্ব পালন কৰি আহিছে। তেওঁৰ বিভিন্ন চৰকাৰী / বেচৰকাৰী বিভাগৰ বিত্ত আৰু হিছাবৰ ক্ষেত্ৰত ৮ বছৰৰো বেছি সময়ৰ অভিজ্ঞতা আছে।

৮. শ্ৰী মানস দাস : গানণিক সহায়ক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আইডলৰ পৰা বাণিজ্য বিষয়ত স্নাতকোত্তৰ হিচাবৰক্ষক বিষয়ত বিশেষজ্ঞতা সহ। ইণ্ডিয়ান চাৰ্টাৰ্ড একাউণ্ট অফ ইণ্ডিয়া (আই চি এ আই), নিউ দিল্লীৰ পৰা চি এ (ইণ্টাৰ) সম্পূৰ্ণ কৰে। তেওঁৰ বিভিন্ন বেচৰকাৰী বিভাগৰ বিত্ত আৰু হিছাবৰ ক্ষেত্ৰত ৬ বছৰৰো বেছি সময়ৰ অভিজ্ঞতা আছে।

৯. শ্ৰী বিতুল গগৈ : কাৰ্য্যালয় সহায়ক আৰু ড্ৰাইভাৰ

এ এইচ এছ ই চি ৰ পৰা উচ্চতৰ মাধ্যমিক সম্পন্ন আৰু ২০১৫ চনৰ পৰা বাৰ্তা বাহক আৰু সদস্য সচিব-এ এছ বি বি ৰ গাড়ী চালক হিছাবে কৰ্মৰত।