মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

আমি কোন

জৈৱবৈচিত্ৰ স্থলগত, সামুদ্ৰিক আৰু অন্যান্য জলজ পৰিবেশৰ সৈতে সকলো উৎসৰ লগতে জীৱন্ত প্ৰাণীৰ মাজৰ বৈচিত্ৰতা আৰু প্ৰজাতি আৰু বাস্তুতন্ত্ৰৰ মাজৰ এই প্ৰজাতি সমূহৰ পৰিস্থিতিতন্ত্ৰ। সংক্ষেপে জৈৱবৈচিত্ৰ হৈছে পৃথিৱীৰ সমস্ত জীৱজন্তু, পশু পক্ষী, পোক পতংগ আৰু ক্ষুদ্ৰ জলজ বা স্থলজ প্ৰাণীৰ বাসস্থানৰ শ্ৰেণীবিন্যাস। মানৱ সভ্যতা জিয়াই থকাৰ মৌলিক চাহিদা সমূহৰ- খাদ্য, খাদ্যশস্য, ইন্ধন, বস্ত্ৰ, সাৰ, কাঠ, তৰল, ৰবৰ, চামৰা, ঔষধ আৰু বিভিন্ন কেচাসামগ্ৰীৰ কাৰণে এই জৈৱবৈচিত্ৰৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ ভাবে নিৰ্ভৰ কৰে। এই বৈচিত্ৰতাৰ একমাত্ৰ চৰ্ত পৰিবেশৰ দীৰ্ঘম্যদী স্থিতিশীলতা আৰু পৃথিবীত জীৱনৰ ধাৰাবিহিকতা আৰু তাৰ অখণ্ডতা বজাই ৰখা। মানুহ এই ক্ষেত্ৰত সচেতন হৈছে যে আবাস স্থলৰ অৱনতি আৰু স্থানীয় ঐতিহ্যগত জ্ঞানৰ, পশুধন ক্ষতিৰ লগে লগে জীৱবিজ্ঞানৰ দ্ৰুত অৱনতি ঘটিছে।

সেই কাৰণে, সামগ্ৰিক জৈৱবৈচিত্ৰৰ হ্ৰাসৰ কাৰণে ক্ৰমবৰ্ধমান উদ্বেগে এটা প্ৰতিষ্ঠানৰ নেতৃত্ব দিছে, জৈৱবৈচিত্ৰৰ সন্মিলনত (চি বি ডি) ১৯৯২। এই সন্মিলনে ৰাষ্ট্ৰসমূহক সৰ্বভৌমত্ব অধিকাৰ প্ৰদান কৰে নিজৰ জৈৱিক সম্পদ সমূহৰ ওপৰত। ভাৰত চৰকাৰে জৈৱিক আইন, ২০০২ প্ৰণয়ন কৰিছে সন্মিলনৰ বিধি সমূহ গ্ৰহণ আৰু নিজৰ জৈৱ সম্পদৰ ব্যৱস্থপনা সমূহৰ লগত সহযোগীতা কৰাৰ কাৰণে। অইনে জৈৱবৈচিত্ৰ সংৰক্ষণ, ইয়াৰ উপাদান সমূহৰ ব্যৱহাৰ আৰু জৈৱিক সম্পদ আৰু জ্ঞান ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা লাভ সমূহৰ ন্যায্য আৰু ন্যায়সঙ্গত অংশীদাৰিত্বৰ প্ৰদান কৰে। ৰাষ্ট্ৰীয় জৈৱবৈচিত্ৰ কৰ্তৃপক্ষ (এম বি এ) গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ত এই আইন সমূহ প্ৰয়োগ কৰিবলৈ ইয়াৰ মূখ্য কাৰ্য্যালয় চেন্নাইত(তামিলনাডু)ত এই আইনৰ ধাৰা ৮ ৰ অধীনত। ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ড (এছ বি বি এছ) গঠন হয় ৰাজ্যিক পৰ্য্যায়ত আৰু স্থানীয় সংস্থাসমূহৰ দ্বাৰা জৈৱবৈচিত্ৰ ব্যৱস্থাপনা কমিটি ( বি এম চি) গঠন কৰা হয় এই আইন সম্পাদন বিকেন্দ্ৰীভূত কৰিবলৈ।

জৈৱবৈচিত্ৰ আইনৰ ধাৰা ২২ ৰ উপ-ধাৰা (১) ৰ অধীনত প্ৰদত্ত ক্ষমতা সমূহ প্ৰয়োগ কৰিবলৈ (২০০৩ আইন ১৮), অসম চৰকাৰে ২২ চেপ্তেম্বৰ ২০১০ তাৰিখে `` অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ড`` গঠন কৰে অসম ৰাজ্যত জৈৱবৈচিত্ৰ সংৰক্ষণ, ইয়াৰ উপাদান সমূহৰ ব্যৱহাৰ আৰু এই সম্পদ সমূহৰ লগত জড়িত ঐতিহ্যগত জ্ঞান আৰু আনুষঙ্গিক বিষয়সমূহৰ লগত সম্পৰ্কিত বা ইয়াৰ লগত সংযুক্ত সুবিধা সমূহৰ যথাযথ ভাৱে ভাগ কৰিবলৈ। ব`ৰ্ডৰ সদৰ দপ্তৰ গুৱাহাটিত অৱস্থিত ২০১০ চনত ৰাজ্য জৈৱবৈচিত্ৰ নিয়ম গঠিত হয়।