মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

জৈৱবৈচিত্ৰতা প্ৰৱন্ধন কমিটি ( বি এম চি )

জৈৱবৈচিত্ৰ আইন আৰু নিয়মে প্ৰদান কৰে যে স্থানীয় সংস্থাই ইয়াৰ এক্টিয়াৰভূক্ত এলেকাৰ মাজত জৈৱবৈচিত্ৰ প্ৰৱন্ধন সমূহ গঠন কৰে। অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডে ৰাজ্যৰ আঞ্চলিক পঞ্চায়ত পৰ্য্যায়ত বি এম চি সমূহৰ সংগঠনত সুবিধা প্ৰদান কৰে। এই সমিতি সমূহে জৈৱবৈচিত্ৰতাৰ সংৰক্ষণ, তিষ্ঠিব পৰা ব্যৱহাৰ আৰু নথিভূক্ত কৰণক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে কাম কৰিব য`ত বাসস্থানৰ সংৰক্ষণ, ভূমি জাতি সমূহৰ সংৰক্ষণ, লোকশিল্পৰ বিভিন্নতা আৰু কৃষক, গৃহজাত শস্য আৰু জীৱ-জন্তুৰ প্ৰজাতি আৰু অনুজীৱ সমূহৰ লগতে জৈৱবৈচিত্ৰতা সম্বন্ধীয় জ্ঞানৰ ইতিহাস জড়িত হৈ আছে।

জৈৱবৈচিত্ৰ প্ৰৱন্ধন কমিটি সমূহে অন্তৰ্ভূক্ত কৰিব ::

  1. ১. স্থানীয় সংস্থাৰ দ্বাৰা মনোনীত প্ৰায় ৭ জন সদস্য, যাৰ ভিতৰত এক তৃতীয়াংশতকৈ অধিক মহিলা থাকিব। বি এম চিৰ অধ্যক্ষক ইয়াৰ সদস্য সকলৰ দ্বাৰা নিৰ্বাচিত কৰা হ`ব।
  2. ২. সাত জন স্থানীয় বুদ্ধিমান ব্যক্তি, বনৌষধিবিদ বিচাৰি উলিওৱা, কৃষিবিদ, নন-টিম্বাৰ, বন উৎপাদন সংগ্ৰাহক, সম্প্ৰদায় কৰ্মী, মাছুৱৈ ব্যক্তি, ব্যৱহাৰিক সংঘৰ প্ৰতিনিধি সকল, সম্প্ৰদায় কৰ্মী, শিক্ষাবিদ আৰু যি কোনো ব্যক্তি  / সংগঠনৰ প্ৰতিনিধি যাক স্থানীয় সংস্থাই বিশ্বাস কৰে যে তেওঁ/তাই জৈৱবৈচিত্ৰ প্ৰৱন্ধন কমিটিৰ জনাদেশত মহত্বপূৰ্ণ অৱদান দিব পাৰে। অনুসুচিত জাতি আৰু অনুসুচিত জনজাতি ৰ লগত সম্বন্ধিত সদস্যৰ অনুপাত জিলাৰ অনুসুচিত জাতি/অনুসুচিত জনজাতি জনসংখ্যাৰ শতাংশতকৈ কম হ`ব নালাগিব য`ত এনেকুৱা সমিতি সমূহ গঠন কৰা হৈছে। ওপৰৰ সকলো উল্লেখিত স্থানীয় সংস্থাৰ সীমাৰ ভিতৰৰ বাসিন্দা হ`ব লাগিব তথা ভোটাৰ তালিকাত নাম থকিব লাগিব।
  3. ৩. পাঁচ জন আমন্ত্ৰিতই চৰকাৰী বিভাগ সমূহক প্ৰতিনিধিত্ব কৰিব নাম অনুসাৰে বন, মীন পালন, কৃষি, উদ্যান আৰু শিক্ষা।
Downloads
TitleSizeDetail
অসমত গঠিত ১৮৯ খন জৈৱবৈচিত্ৰ প্ৰৱন্ধন সমিতি (বি এম চি)ৰ তালিকা550.3 KBswf-image