মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department Assam State Biodiversity Board

জৈৱ বৈচিত্ৰৰ স্বেচ্ছাসেৱী পদক্ষেপ কৰ্য্যক্ৰম (বি ভি আই পি) :

জৈৱ বৈচিত্ৰৰ স্বেচ্ছাসেৱী পদক্ষেপ : প্ৰকাশিত বাতৰি কাকত, প্ৰকাশন, ফটোগ্ৰাফ আদিৰ ৰূপত ফ্ৰিলেন্স বৃত্তি, এমেটিওৰ্চ, ছাত্ৰ সকলৰ পৰা স্বেচ্ছাসেৱী যোগদানক উৎসাহিত কৰা আৰু ব`ৰ্ডৰ ৱেবচাইট আৰু প্ৰকাশনৰ ওপৰত অৱদানক স্বীকাৰ কৰা।

উদ্দেশ্য : জ্ঞান, বিশেষজ্ঞতা, পৰিৱেশৰ অভিজ্ঞতা সমূহৰ সংগ্ৰহণ সংযোজন আৰু প্ৰসাৰৰ কাৰণে এক সাধাৰণ মঞ্চ প্ৰদান কৰা আৰু জৈৱবৈচিত্ৰ প্ৰেমী, কাৰ্য্যকৰ্তা আৰু অন্য সম্বন্ধিত নাগৰিক সকল যাতে পৰিযোজনাকাৰী আৰু কাৰ্য্যবাহী সকলৰ কাৰণে এক বিস্তাৰিত জ্ঞানাধাৰ প্ৰদান কৰিব পাৰে আৰু এই ধৰণে অসমত জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ প্ৰয়াসত সহায় কৰে।

কেনেকুৱা ধৰণৰ অৱদান আগঢ়াব পাৰি : ফটোগ্ৰাফ, গৱেষণা পত্ৰ, প্ৰবন্ধ, খবৰ, সংবাদ বিষয় বস্তু আদি। ব`ৰ্ডে অৱদান সমূহক উচিত ৰূপত স্বীকাৰ কৰিব।